বিজনীত বাৰ্মিজ চুপাৰি-চিগাৰেটৰ কাৰ্টন জব্দ
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ। বুধবাৰে চিৰাং জিলাৰ বিজনী আৰক্ষীৰ অভিযানত জব্দ কৰা হয় NL-01AD-8447 নম্বৰৰ এখন বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক। বিজনী আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ থকা অৱস্থাত বিজনীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলপ্লাজাত চালকসহ বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে। চুপাৰিসমূহ গুৱাহাটীত লোড হোৱা বুলি জানিব পৰা গৈছে।
চালক ৰাকেশ পাছোৱান (36) আৰু কৰ্মচাৰী পাপু কুমাৰ সিংসহ ট্ৰাকখন বিজনী থানালৈ লৈ আনি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ইয়াৰে ৰাকেশ পাছোৱানৰ ঘৰ বিহাৰৰ মোজাফৰপুৰত বুলি জানিব পৰা গৈছে। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে 260 বস্তা বাৰ্মিজ চুপাৰি আৰু বহু পৰিমাণৰ অবৈধ চিগাৰেটৰ কাৰ্টন জব্দ কৰিছে।
প্ৰেৰক বৰ্ণালী তালুকদাৰ