নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা জিলা উন্নয়ন সমিতিৰ বৈঠকঃ কৃষি উন্নয়ন বিষয়াক খেতিয়কৰ সৈতে পোনপটীয়া নিয়মীয়া সম্পৰ্ক স্থাপনৰ নিৰ্দেশ উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা   ২৭ জানুৱাৰী: বৰপেটা জিলাৰ কৃষি উন্নয়ন বিষয়া সকলক নিয়মীয়াকৈ নিজ নিজ অঞ্চলৰ খেতিয়কৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ নিৰ্দেশ দিছে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠকত কৃষি বিভাগৰ কাম-কাজৰ আলোচনাৰ প্ৰসঙ্গত তেওঁ এই দৰে কয়। তেওঁ কয় যে চৰকাৰে নুন্যতম সমৰ্থন মূল্যত শালিধান ক্ৰয় কৰিবলৈ লোৱা ব্যৱস্থাৰ সুবিধা যাতে অধিক সংখ্যক কৃষকে লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰিব লাগিব। তাৰবাবে কৃষকৰ পঞ্জীয়ন বৃদ্ধিৰ ব্যৱস্থা ল’বলৈ তেওঁ আহ্বান জনাইছে। আজি দিন জোৰাকৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত উপায়ুক্ত তেজ প্ৰসাদ ভূচালে সভাপতিত্ব কৰে। সভাখনত সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসৰ উপৰি সকলো বিভাগৰ জিলা মুৰব্বী বিষয়া সকল উপস্থিত থাকে। আগবেলা উন্নয়নী বিভাগ সমূহৰ সৈতে আলোচনা কৰাৰ পিছত পিছবেলা ৰাজহ সংগ্ৰাহক বিভাগ সমূহৰ সৈতে আলোচনা কৰা হয়।

You might also like