বৰপেটা চিকিৎসা মহাবিদ্যালয়ত দুগৰাকী চিকিৎসক, ৪ চিকিৎসাকর্মী–নিৰাপত্তাৰক্ষী আক্রান্ত
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ৰোনাৰ সংক্রমণে ভয়াৱহ ৰূপ লৈছে৷ একেদিনাই চিকিৎসালয়খনৰ দুই কনিষ্ঠ চিকিৎসক, ৪গৰাকী কর্মচাৰী, এগৰাকী প্রসূতি আৰু এজন নিৰাপত্তাৰক্ষী ক’ৰোনাত আক্রান্ত হৈছে৷ ক’ভিড–১৯ পজিটিভ বুলি চিনাক্ত কনিষ্ঠ চিকিৎসক দুগৰাকী হ’ল– ডাঃ অংকিতা গুপ্তা আৰু ডাঃ এন ই ৰেংথাই৷
দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৪ কর্মচাৰী হ’ল– ৰেকর্ড কীপাৰ বিপুল কলিতা, শৈল্য চিকিৎসা বিভাগৰ ড্রেছাৰ আব্দুল ৱাজেদ দেৱান, কনিষ্ঠ সহায়ক নিতেন কলিতা আৰু ষ্টোৰকীপাৰ মনালিছা বৰুৱা৷ ক’ৰোনাত আক্রান্ত নিৰাপত্তাৰক্ষীগৰাকী হৈছে মনিৰুল হক৷ মনিৰুল হকে ভৰিৰ অস্ত্রোপচাৰৰ বাবে ধুবুৰী কাৰাগাৰৰ কয়দী এগৰাকীক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱাইছিল৷ পৰৱর্তী সময়ত ধুবুৰী কাৰাগাৰৰ কয়দী আব্দুল হামিদ খান ক’ভিড–১৯ পজিটিভ বুলি চিনাক্ত হৈছিল৷ কয়দী আব্দুল হামিদ খানৰ সংস্পর্শলৈ অহা বাবেই নিৰাপত্তাৰক্ষী মনিৰুল হক ক’ৰোনাত আক্রান্ত হয়৷ দুই কনিষ্ঠ চিকিৎসক আৰু অন্যান্যসকল আব্দুল হামিদ খান নামৰ কয়দীগৰাকীৰ দ্বাৰাই সংক্রমিত হোৱা বুলি সন্দেহ প্রকাশ কৰা হৈছে৷
আনহাতে, কিছুদিন পূর্বে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাৰ বাবে অহা এগৰাকী প্রসূতিৰ দেহতো ধৰা পৰিছে ক’ৰোনাৰ অৱস্থিতি৷ ক’ৰোনাত আক্রান্ত প্রসূতিগৰাকী মন্দিয়া অঞ্চলৰ ৰহিতন নেছা বুলি জানিব পৰা গৈছে৷ ইপিনে কনিষ্ঠ চিকিৎসক থকা গালর্ছ হোষ্টেলটো কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে স্বাস্থ্য বিভাগে৷