নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত ২৫ খেতিয়কৰ মাজত পাৱাৰটিলাৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ অধীনত আজি বৰপেটা জিলাৰ ২৫জন কৃষকৰ মাজত পাৱাৰটিলাৰ বিতৰণ কৰা হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে কৃষি বিভাগৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চৌহদৰ পৰা পুৱা আনুষ্ঠানিকভাৱে এই পাৱাৰ টিলাৰসমূহ নিৰ্বাচিত হিতাধিকাৰীৰ মাজত বিতৰণ কৰে।

এই উপলক্ষে দিয়া চমু ভাষণত তেওঁ কৃষকসকলক আধুনিক প্ৰযুক্তিৰ এই সুবিধা লৈ কৃষি উৎপাদন বৃদ্ধিত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত জিলা কৃষি বিষয়া মণিৰাম বৰ্মন, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু মহকুমা কৃষি বিষয়া (তথ্য) প্ৰদীপ দাসো উপস্থিত থাকে।

কৃষি বিভাগৰ পৰিদৰ্শক জগদীশ তালুকদাৰে জনোৱা মতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ অধীনত বৰপেটা জিলাৰ বাবে ১৪৯খন পাৱাৰটিলাৰ অনুমোদন জনোৱা হৈছিল। এতিয়ালৈকে ইয়াৰে ৯২খন বিতৰণ কৰা হৈছে। বাকীসকল নিৰ্বাচিত হিতাধিকাৰীয়ে ধন জমা দিলেই তেওঁলোককো পাৱাৰটিলাৰ প্ৰদান কৰা হ’ব।

মুঠ ১,৯৭,৫০০ টকা মূল্যৰ এই পাৱাৰটিলাৰখনৰ বাবদ প্ৰতিজন কৃষকে চৰকাৰৰ পৰা ৮৫,০০০ টকাৰ ৰাজসাহায্য লাভ কৰিছে। স্বাভাৱিকতেই এই আঁচনিৰ সুবিধা লাভ কৰি হিতাধিকাৰীসকলৰ মুখত হাঁহি বিৰিঙিছে।
প্ৰেৰক আফতাব হুছেইন

You might also like