বৰপেটাত পাপৰ-আচাৰ-মচলা প্ৰস্তুতৰ প্ৰশিক্ষণ
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী: “আচাৰ,পাপৰ বনোৱাৰ কৌশল প্ৰায় প্ৰতিগৰাকী মহিলাই কম-বেছি পৰিমাণে জানে। এই কলাক অধিক সু-সংবদ্ধ ৰূপত ব্যৱসায়িক ভাবে হাতত ললে ইয়ে মহিলা সৱলীকৰণৰ এটা অন্যতম আহিলা হৈ পৰিব পাৰে।” আজি বৰপেটাত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত মহিলাৰ বাবে আয়োজিত আচাৰ, পাপৰ আৰু মছলা প্ৰস্তুতিৰ এটি প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই দৰে কয়।
তেওঁ এই ক্ষেত্ৰৰ কেইবাগৰাকীও সফল মহিলাৰ উদাহৰণ দাঙি ধৰি কয় যে এই উদ্যোগটো অতি কম মূলধনেৰে যিকোনো ব্যক্তিয়ে সহজে আৰম্ভ কৰিব পাৰে। মাত্ৰ তাৰ বাবে লাগিব আন্তৰিকতা, অধ্যৱসায় আৰু সঠিক পথ নিৰ্দেশনা। এই প্ৰশিক্ষণে দেখুৱাই দিয়া পথ নিৰ্দেশনা আৰু ব্যৱহাৰিক জ্ঞানেৰে আগ্ৰহী মহিলাসকলে নিজকে ব্য়ৱসায়েৰে প্ৰতিষ্ঠিত কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
বৰপেটা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক নৱ কুমাৰ দাসে আতঁধৰা উদ্বোধনী অনুষ্ঠানটোত প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰঞ্জিত কুমাৰ তালুকদাৰ, গ্ৰামীণ জীৱিকা অভিযানৰ জিলা কাৰ্যক্ৰম বিশেষজ্ঞ তৃষ্ণা পাঠক আৰু সমল ব্যক্তি হাফিজা বেগমেও চমু ভাষণ প্ৰদান কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে জনসংযোগ বিষয়া শৰ্মাই বন্তি প্ৰজ্বলন কৰে। উল্লেখ্য যে গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত নিৰ্বাচিত ৪৫ গৰাকী মহিলাক দুটা ভাগত ভাগ কৰি ১০ দিনীয়াকৈ এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। প্ৰশিক্ষণৰ অন্তত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ প্ৰদানৰ ক্ষেত্ৰতো সহযোগ আগবঢ়োৱা হ’ব বুলি সঞ্চালক তালুকদাৰে জানিবলৈ দিয়ে।
প্ৰেৰক আফতাব হুছেইন