নিউয়র্কত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত অংশ ল’ব বৰষুণ–এ
নিয়মীয়া বাৰ্তা, ১৭ মে’: ক’ৰোনা আতংকৰ মাজতে মঙলদৈবাসীলৈ আশাৰ বতৰা আনিছে মঙলদৈৰ এগৰাকী উদীয়মান যুৱ শিল্পীয়ে৷ শিল্পী হিচাপে কেইমাহমান পূর্বে অভিনয়ৰ পাতনি মেলা অপৰিচিত যুৱকগৰাকীলৈ আহিছে শ্রেষ্ঠ অভিনেতাৰ মনোনয়ন৷ ‘বৰষুণ’ নামৰ ছবিখন চিনেমা হললৈ অহাৰ পূর্বেই আগন্তুক ৪–১৩ জুনলৈ নিউয়র্কত হ’বলগীয়া নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত অংশ লোৱাৰ উপৰি মূল ভূমিকাত অভিনয় কৰা উদীয়মান শিল্পীয়ে শ্রেষ্ঠ অভিনেতাৰ বাবে মনোনয়ন লাভ কৰিছে৷ সাজ এণ্টাৰটেইনমেণ্ট প্রযোজিত আৰু কৃষ্ণকান্ত বৰা প্রযোজিত অসমীয়া পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র ‘বৰষুণ’ (ছংছ ফ’ৰ ৰেইন)ত দুর্দান্ত অভিনয় কৰি শ্রেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰা এই প্রতিশ্রুতিবান অভিনেতাজনৰ নাম হৈছে দীপজ্যোতি কলিতা৷
মঙলদৈৰ বামুণপাৰা নিৱাসী, ডম্বৰুধৰ কলিতা আৰু সঁফুৰা কলিতাৰ পুত্র দীপজ্যোতি কলিতাই ৰাষ্ট্রীয় নাট্য বিদ্যালয় ছিকিমৰ পৰা ডিপ্লমা লাভ কৰি অপেছাদাৰী নাট্য জগতৰ সমান্তৰালকৈ চলচ্চিত্র আৰু টেলিভিছন ধাৰাবাহিকত অভিনয়ত আত্মনিয়োগ কৰে৷ তেওঁৰ প্রচেষ্টাত মঙলদৈত গঠন হোৱা জাগ্রত সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে বহু ন–প্রতিভাক তেওঁ উদগনি দি আহিছে৷
জানিব পৰা মতে, দীপজ্যোতি কলিতাৰ লগতে হৰিশ খান্না (গড অন দ্য বেলকনি), সিদ্ধার্থ মেনন (জুন), তন্ময় ধননীয়া (নজৰ বন্ধ) আৰু বিকাশ কুমাৰ (দ্য নট/উলজ্বন)ও শ্রেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে৷ মঙলদৈৰ প্রতিভাৱান শিল্পীজন নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত উজলি উঠক তাৰেই কামনা কৰিছে ‘মানুহে মানুহৰ বাবে…, দৰং, অসম’ৰ সভাপতি আনোৱাৰ হুছেইন, কার্যকৰী সভাপতি কুশল কলিতা, সম্পাদক গণেশ দত্ত, বিশিষ্ট শিল্পী প্রাঞ্জল শর্মা, ৰক্তদাতা শেখৰ মজুমদাৰ, জেংৰাই অসমৰ সঞ্চালক বিশ্বজিৎ ডেকা, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস আদিয়ে৷
উল্লেখ্য যে ‘বৰষুণ’ চলচ্চিত্রৰ পৰিচালক কৃষ্ণকান্ত বৰায়ো শ্রেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ কৰিছে৷