বকোৰ বৰুৱা আঞ্চলিক যুৱক সংঘৰ সোণালী জয়ন্তী উৎসৱৰ সফল সামৰণি
। বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত গীত মাত নৃত্যৰ সমাহাৰ।
বকো ৯ জানুৱাৰী – কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱা আঞ্চলিক যুৱক সংঘৰ ইতিমধ্যে গৌৰৱোজ্জ্বল পঞ্চাশটি বৰ্ষ অতিক্ৰম কৰে। সেই উপলক্ষে যুৱক সংঘৰ সোণালী জয়ন্তী উৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বালিঝাৰ বজাৰস্থিত যুৱক সংঘৰ কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। সোণালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী অনুসৰি ৮ জানুৱাৰীৰ দিনা পতাকা উত্তোলন ; স্মৃতি তৰ্পণ ; খেল ধেমালি আদিকে ধৰি বহু সংখ্যক বিস্তৃত কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। ইয়াৰ পাছৰ দিনা অৰ্থাৎ ৯ জানুৱাৰী তাৰিখে ৰাতিপুৱা ১০-৩০ বজাত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইফালে বিয়লি দুই বজাত সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি আবুল কালাম আজাদৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক খয়াৰ আলী আহমেদে আদৰণি ভাষণ প্ৰদান কৰে। সভাত প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাস, জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, গৰিয়া উন্নয়ণ পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ, লেখক জাকিৰ সৰকাৰ, কামৰূপ জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠককে ধৰি বহু সংখ্যক অতিথিয়ে অংশ গ্ৰহণ কৰে। সভাত অতিথি সকলে বৰুৱা আঞ্চলিক যুৱক সংঘৰ পঞ্চাশ বছৰীয়া ইতিহাসৰ আলোকপাত কৰি ভাষণ প্ৰদান কৰে। ইফালে সন্ধিয়া বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ চন্দ্ৰ নাথে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰাৰ পিছত নৱদ্বীপৰ বাৰেৰহণীয়া নৃত্য দলৰ নৃত্য প্ৰদৰ্শন আৰু নিশা জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ গীতৰ শৰাই অনুষ্ঠিত হয়। এই দৰে বিস্তৃত কাৰ্য্যসুচীৰে বৰুৱা আঞ্চলিক যুৱক সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচীৰ সফল সামৰণি পৰে। অনুস্থানত গীত মাত নৃত্যৰ উপৰিও বহু বৌদ্ধিক আৰু কৌশলী প্ৰতিযোগিতা আয়োজন কৰা হয়।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।