নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্রৱাৰ চৰকাৰী ভূমি ক্রয়–বিক্রয় বেদখলকাৰীৰ

নিয়মীয়া বাৰ্তা ১৯ জুনঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ওপজা ভূমি শ্রীশ্রীবটদ্রৱা থানৰ চৌদিশে এক বৃহৎ চৰকাৰী ভূমি একাংশ লোকে বেদখল কৰাক কেন্দ্র কৰি এতিয়া সর্বত্র তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ আনকি ‘নিয়মীয়াবার্তা’ই চলোৱা অনুসন্ধানত থান চৌহদৰ আশে–পাশে ভূ –মাফিয়াৰ পৃষ্ঠপোষকতাত এই বৃহৎ চৰকাৰী ভূমি বেচা–কিনা কৰাৰো তথ্য পোহৰলৈ আহিছে৷ ‘নিয়মীয়াবার্তা’ৰ আগত এই তথ্য সদৰী কৰিছে শ্রী শ্রী নৰোৱা সত্রৰ সত্রাধিকাৰ তথা শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে৷

উল্লেখ্য যে এসময়ত পৰিত্যক্ত হৈ থকা এই বৃহৎ চৰকাৰী ভূমিত ৰাজ্য চৰকাৰে এখন কৃষি বীজ পাম স্থাপন কৰিছিল যদিও এতিয়া তাৰ অস্তিত্বই পাবলৈ টান৷ প্রায় পাঁচশ বিঘা চৰকাৰী ভূমিত ব্যাপক হাৰত বেদখল চলাই একাংশ লোকে পকী ঘৰ–দুৱাৰ নির্মাণ কৰি সকলো চৰকাৰী আঁচনিৰ সা–সুবিধা লৈ আহিছে৷এইক্ষেত্রত নগাঁও জিলা প্রশাসনে গ্রহণ কৰা ৰহস্যজনক ভূমিকাই বেদখলকাৰীসকলক উৎসাহিত কৰাহে পৰিলক্ষিত হৈছে৷ আমোদজনক বিষয় যে বটদ্রৱা থানৰ নিচেই সমীপৰ ভোমোৰাগুৰি কিচামৰ ভেটিয়নি গাঁৱৰ পিছফালে চৰকাৰী ভূমিত স্থাপন হোৱা জামাইবস্তিৰ নামকৰণ জোঁৱাইক ভূমি দিয়াৰ বাবেই সৃষ্টি হৈছে বুলি সকলোৰে মুখে মুখে৷স্থানীয় সূত্রৰ মতে, একাংশ লোকে নিজৰ জীয়ৰীক বিয়া দিয়াৰ পিছত এই চৰকাৰী বেদখলকৃত ভূমিত জোঁৱাইক ঘৰ–বাৰী সাজি দি থাকিবলৈ দি আহিছে৷ যাৰ বাবেই এই চৰকাৰী ভূমিত গঢ়ি উঠা এই গাঁৱৰ নাম এতিয়া সকলোৰে মুখে মুখে ‘জামাইবস্তি’বুলি জনাজাত৷

একাংশই বটদ্রৱা থানৰ চৌপাশৰ এই ভূমি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান আদিৰ অচিলা লৈ বেদখল অব্যাহত ৰাখিছে৷বটদ্রৱা থানৰ চৌদিশে থকা এই বৃহৎ চৰকাৰী ভূমি বেদখল সন্দর্ভত বিগত সময়ছোৱাত ‘নিয়মীয়াবার্তা’ত সবিস্তাৰে প্রকাশ পাইছিল৷ ইয়াৰ পিছতে এতিয়া সর্বত্র তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বটদ্রৱা থান পৰিচালনা সমিতিয়ে বাৰম্বাৰ ৰাজ্য চৰকাৰ আৰু জিলা প্রশাসনক এই বিষয়ে অৱগত কৰাৰ কথা সদৰী কৰি আজি শ্রী শ্রী নৰোৱা সত্রৰ সত্রাধিকাৰ তথা শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে ‘নিয়মীয়াবার্তা’ক কয়, ‘বিগত কংগ্রেছ চৰকাৰৰ কার্যকালৰ পৰাই আমি বটদ্রৱা থানৰ ভূমি বেদখল আৰু ইয়াৰ চৌপাশে থকা বৃহৎ পৰিমাণৰ চৰকাৰী ভূমিত চলি থকা বেদখল উচ্ছেদৰ বাবে দাবী জনাই আহিছিলোঁ৷

অৱশ্যে বিজেপি চৰকাৰৰ প্রথমটো কার্যকালত সর্বানন্দ সোণোৱালৰ নির্দেশত বটদ্রৱা থানৰ নামত আবণ্টিত আকাশীগংগা তীৰৰ ১৬৫ বিঘা ভূমি বেদখলমুক্ত কৰা হয় যদিও ইয়াৰ সমীপৱর্তী তথা থানৰ আশে–পাশে থকা বৃহৎ চৰকাৰী ভূমিখিনি আজিও বেদখলকাৰীৰ কবলতে আছে৷ এইটো অতি দুর্ভাগ্যজনক ঘটনা৷ বিজেপি চৰকাৰে সত্র আৰু ধর্মীয় উপাসনাস্থলী বেদখলমুক্ত কৰাৰ প্রচেষ্টা হাতত লৈছে৷ কেৱল সত্র অথবা ধর্মীয় অনুষ্ঠানৰ ভূমি বেদখলমুক্ত কৰিলেই নহ’ব৷ চৰকাৰী ভূমিত চলা অবাধ বেদখল ৰোধ কৰিব লাগিব৷ তেওঁ আৰু কয়, এই চৰকাৰী ভূমিত বেদখলকাৰীয়ে মাটি বেচা–কিনা কৰি আহিছে৷ইয়াৰ নেপথ্যত সংশ্লিষ্ট বিভাগৰ বিষয়া কার্যালয়ৰ কর্মচাৰীও জডিত থকাৰ অভিযোগ উঠিছে৷ বিগত সোণোৱাল চৰকাৰৰ কার্যকালত এই বিষয়ে তেতিয়া বিত্ত আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো অৱগত কৰিছিলোঁ৷ এতিয়া তেওঁ মুখ্যমন্ত্রী৷ তেওঁ এনে বেদখলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ গতিকে আমি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক বটদ্রৱা থানৰ চৌপাশে চৰকাৰী ভূমিত চলা এই বেদখল শীঘ্রেই বেদখলমুক্ত কৰাৰ বাবে আহ্বান জনাইছোঁ৷

সত্রাধিকাৰ তথা বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে লগতে ‘বটদ্রৱা প্রকল্প’ৰ জৰিয়তে গুৰুজনাৰ পবিত্র জন্মভূমিক অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পর্যটনৰ অন্যতম কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে যি প্রয়াস হাতত লৈছে তাক সফলভাৱে দাঙি ধৰিবলৈ বটদ্রৱা থানৰ চৌপাশৰ এই বেদখল উচ্ছেদ কৰাটো অত্যন্ত প্রয়োজন হৈ পৰিছে বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷ শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্র মোহন বৰুৱাই কয়, চৰকাৰ আৰু জিলা প্রশাসনক বটদ্রৱা থানৰ চৌপাশৰ চৰকাৰী ভূমিত চলি অহা বেদখল দীর্ঘদিন ধৰি বেদখলমুক্ত কৰাৰ বাবে দাবী জনাই আহিছোঁ৷‘বটদ্রৱা প্রকল্প’’ আঁচনি ৰূপায়ণৰ পিছত বটদ্রৱা থানৰ মাটি প্রায় নোহোৱা হ’ব৷ আমি চৰকাৰক এই বেদখল উচ্ছেদ কৰি এই ভূমি বটদ্রৱা থানৰ নামত আবণ্টন দিবৰ বাবে অনুৰোধ জনাইছেছা৷

বটদ্রৱা থানৰ চৌপাশৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্রতো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিবাচক পদক্ষেপ গ্রহণ কৰিব বুলি আশা প্রকাশ কৰে৷ মহাপুৰুষ গুৰুজনাৰ নাতি দামোদৰ আতা ঈশ্বৰ পুৰুষে পঞ্চদশ শতিকাতে বৰলুইতৰ বালিত প্রতিষ্ঠা কৰা ‘বালিসত্র’ নামৰ সত্রকৃষ্টিৰ বৈভৱময় স্বর্ণিল ঐতিহ্যৰে জিলিকি থকা অঞ্চলটোলৈ শেহতীয়াকৈ নামি আহিছে অস্তিত্বৰ সংকট৷ ওপৰ ডুমডুমীয়া সাপ্তাহিক বজাৰত বিগত কিছুদিনৰ পৰা সন্দেহজনকভাৱে বহু লোকে সাজিছে অবৈধ ঘৰ–দুৱাৰ৷ কেৱল সেয়ে নহয়, পুণ্যভূমি বটদ্রৱাৰ সমীপৱর্তী বালিসত্র আৰু ওপৰ ডুমডুমীয়া অঞ্চলত একাংশ ভূ–মাফিয়াৰ প্রত্যক্ষ হস্তক্ষেপত খিলঞ্জীয়াৰ ভূমি বিক্রী হৈ থকা বুলি অঞ্চলৰ সমাজ সচেতন ব্যক্তি পদুম বৰুৱা আৰু মহেশ শইকীয়াই জানিবলৈ দিয়ে৷

আনহাতে, সদৌ নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে বটদ্রৱা থানৰ আশে–পাশে বৃহৎ চৰকাৰী ভূমিত চলা বেদখলৰ বিষয়টোৰ ওপৰত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমীয়া জাতীয় জীৱনৰ এক অমূল্য সম্পদ হিচাপে চিহ্ণিত গুৰুজনাৰ পবিত্র জন্মভূমি বটদ্রৱা থানৰ গাতে লাগি থকা এই চৰকাৰী বৃহৎ ভূমি বেদখলৰ কবলত পৰাটো অতি দুর্ভাগ্যজনক ঘটনা৷ কিন্তু অতি আশ্চর্যজনকভাৱে চৰকাৰ আৰু প্রশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্রহণ নকৰা বিষয়টো অতি ৰহস্যজনক৷ শীঘ্রেই এই ভূমি বিজেপি চৰকাৰে বেদখলমুক্ত কৰক৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বডা আৰু সাধাৰণ সম্পাদক প্রাগজ্যোতিষ বণিয়াই গুৰুজনাৰ পবিত্র জন্মস্থানৰ ইতিহাসপ্রসিদ্ধ শ্রীশ্রীবটদ্রৱা থানৰ সমীপত এক বৃহৎ চৰকাৰী ভূমিত বেদখলকাৰীয়ে কেনেকৈ দখল কৰিবলৈ সাহস কৰিলে বুলি প্রশ্ণ উত্থাপন কৰি কয়– অসমীয়া জাতীয় জীৱনৰ ই চৰম দুর্ভাগ্যৰ কাৰণ৷চৰকাৰ আৰু প্রশাসনে সময় থাকোঁতেই উচিত ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনাই পৰিষদে এইক্ষেত্রত চৰকাৰ আৰু প্রশাসনক আইনী ব্যৱস্থাৰ জৰিয়তে পদক্ষেপ ল’বলৈ দাবী জনায়৷

You might also like