নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ সংক্ৰমন প্ৰতিৰোধ কাৰ্যসূচীৰ অধীনত বিজিআৰৰ বজাৰ চৌহদ চেনিটাইজকৰণ

নিয়মীয়া বাৰ্তা,২০ মে’: ক’ভিড-১৯ প্ৰতিৰোধ কাৰ্যসূচীৰ অধীনত বঙাইগাঁও শোধনাগাৰ চমুকৈ বিজিআৰ কৰ্তৃপক্ষই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজি বিয়লিও একে কাৰ্যসূচী অনুসৰি শোধনাগাৰ কতৃপক্ষৰ উদ্যোগত তথা ঢালিগাঁও থানা আৰু উপনগৰী সুৰক্ষা বাহিনীৰ সহযোগত অঞ্চলটোৰ সৰ্বাধিক জনসমাগমস্থলী ঢালিগাঁও দৈনিক বজাৰ চৌহদত অগ্নি নিৰ্বাপিত বাহনত শক্তিশালী ভাইৰাছ নাশক ৰাসায়নিক দ্ৰব্য মিহলাই চেনিটাইজকৰণ কৰা হয়। শোধনাগাৰৰ কৰ্মচাৰী, অস্থায়ী শ্ৰমিক, ৰাজ্য চৰকা আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিষয়া, কৰ্মচাৰী আৰু সুৰক্ষা কৰ্মীৰ লগতে বৃহত্তৰ ঢালিগাঁও-কাজলগাঁও অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ মূখ্য  বানিজ্যিক স্থল হিচাপে চিহ্নিত ঢালিগাঁও দৈনিক বজাৰ চৌহদত চেনিটাইজকৰণ কৰা কাৰ্যত বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। ক’ভিড-১৯ সংক্ৰমনৰ প্ৰথমটো ঢৌৰ সময়ত শোধনাগাৰ কতৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰাৰ দৰেই এইবেলি ভয়ংকৰ অতিমাৰীৰ ৰূপত ৰাজ্য খনত দ্বিতীয়টো ঢৌৱে সকলোকে শংকিত কৰি ৰখাৰ সময়তো বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই সময়ে সময়ে অঞ্চলটোৰ ৰাজহুৱা স্থানত চেনিটাইজকৰণ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি অঞ্চলটোৰ জনসাধাৰণে আশা প্ৰকাশ কৰিছে।।

You might also like