বি জি আৰৰ আন্তঃবিভাগীয় ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি; প্ৰশাসন বিভাগ চেম্পিয়ন
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বঙাইগাঁও শোধনাগাৰ চমুকৈ বি জি আৰৰ আন্তঃবিভাগীয় টি-২০ ক্ৰিকেট লীগত প্ৰশাসন বিভাগে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। শোধনাগাৰৰ নিজস্ব ক্ৰীড়া প্ৰাঙ্গণত অনুষ্ঠিত আজিৰ চূড়ান্ত খেলখনত প্ৰশাসনে উৎপাদন বিভাগক ৭ উইকেটত পৰাজিত কৰে। প্ৰথমে বেটিং কৰি উৎপাদন বিভাগে নিৰ্দ্ধাৰিত অ’ভাৰত ৭ উইকেটত ১০৮ ৰান কৰে। প্ৰত্যুত্তৰত প্ৰশাসন বিভাগে ১৯.৪ অভাৰত ৩ টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।প্ৰশাসনৰ সৌৰভ গোয়েল মেন অৱ দ্য মেচ তথা শ্ৰেষ্ঠ বেটছমেনৰ সন্মান অৰ্জন কৰে। আনহাতে পৱন কুমাৰ শ্ৰেষ্ঠ বলাৰ, বিবেক সেনগুপ্তা মেন অৱ দ্য টুৰ্ণামেণ্ট, প্ৰসেনজিৎ ৰয় শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান অৰ্জন কৰে।বঁঁটাসমূহ বিতৰণ কৰে মুখ্য অতিথি বি জি আৰৰ মুখ্য মহাপ্ৰৱন্ধক তথা শোধনাগাৰ প্ৰমুখ নয়ন কুমাৰ বৰুৱা, ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক (মানৱ সম্পদ) জৰ্জ ঈছৰেৰি, উপ মহাপ্ৰৱন্ধক( মানৱ সম্পদ) আকাশ প্ৰতীম বৰুৱা, সহকাৰী প্ৰৱন্ধক( এ এণ্ড ডব্লিউ) দিলীপ কুমাৰ দাস, বি জি আৰ কৰ্মচাৰী সংঘৰ উপসভাপতি হেমেন চন্দ্ৰ ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে।।
প্ৰেৰক:বিপুল কুমাৰ দাস