ভাদৈৰ টিপাম দেওশালী পাহাৰত “চাও চেং ৰেণ”ৰ লাইখুঁটা স্থাপন টাইপাৰ
নিয়মীয়া বাৰ্তা,৭ আগষ্ট : ইতিহাসপ্ৰসিদ্ধ ভাদৈৰ এলেকাৰ টিপাম দেওশালী পাহাৰত টাই আহোমৰ উপাসনাস্থলী “চাও চেং ৰেণ”ৰ লাইখুঁটা স্থাপন কৰা হয় ৷ আহোমৰ পৰম্পৰাগত “বান ফি” পূজাৰ নিয়মেৰে আনুষ্ঠানিকভাৱে ইয়াৰ লাইখুঁটা স্হাপনৰ গুৰি ধৰে পুৰোহিত জিতেন চেতিয়াই ।
আজি টাই আহোম যুৱ পৰিষদ, অসমৰ উদ্যোগত অনুষ্ঠিত এই পূজাভাগি সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা আগবঢ়াই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নেত্ৰধৰ বুঢ়াগোহাঁই , বুৰঞ্জীবিধ কৃপা চেতিয়া, পূৰ্বাঞ্চল টাই সাহিত্য সভা দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি হীৰা গগৈ, সম্পাদক প্ৰদীপ গগৈ, নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি চিত্ৰ বৰুৱা, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ভাদৈ আঞ্চলিকৰ সম্পাদক ৰঞ্জিত গগৈ, টাইপাৰ উপদেষ্টা সুৰেশ গগৈ, টাইপাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানস প্ৰতিম গগৈ, নাহৰকটীয়া মহকুমাৰ সভাপতি অনন্ত ফুকন, কাৰ্যকৰী সভাপতি জ্যোতি প্ৰসাদ চেতিয়া, যুটীয়া সম্পাদক ননী কোঁৱৰ, টাইপাৰ ভাদৈ আঞ্চলিক সমিতিৰ সভাপতি ভবেন হাজৰিকা, কাৰ্যকৰী সভাপতি কল্যাণ গগৈ, সম্পাদক হেমন্ত গগৈ, টাইপাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি নয়নমনি গগৈ, উপসভাপতি লাটুমনি ৰাজকোৱঁৰ, সম্পাদক সঞ্জয় বৰফুকনে ৷
আহোম সাম্ৰাজ্যৰ ৬০০ বছৰীয়া ৰাজত্বৰ পাতনি মেলা টিপামক নতুন ৰূপত গঢ় দিয়াৰ সংকল্পেৰে আজিৰ এই শুভ দিনটোতে টাই আহোম যুৱ পৰিষদ,অসমে সহযোগিতা আগবঢ়োৱাই যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হয় ।