দূৰদর্শী ৰাজনীতিক–জননেতা ভীমবৰ দেউৰীক লৈ তথ্যচিত্র নির্মাণ
নিয়মীয়া বাৰ্তা, ২৯ মেঃ অসমৰ ৰাজনৈতিক–সামাজিক স্বকীয়তা ৰক্ষাৰ যুঁজত প্রাক–স্বাধীনতা কালতে অনন্য ভূমিকা গ্রহণ কৰিছিল দূৰদর্শী ৰাজনীতিবিদ ভীমবৰ দেউৰীয়ে৷
২০০৩ ত বেচৰকাৰীভাৱে তেওঁৰ জন্ম শতবার্ষিকী উদযাপনৰ আগলৈকে আৰু পলমকৈ হ’লেও ২০১৯ত তেওঁৰ স্মৃতিত চৰকাৰীভাৱে এটা বঁটা প্রৱর্তনৰ পিছতো ভীমবৰ দেউৰীৰ বিষয়ে চর্চা সীমিত ৰূপতে আছে৷
গোপীনাথ বৰদলৈয়ে ‘সমস্ত অসমৰ নেতা’ বুলি শ্রদ্ধা তর্পণ কৰা, শৰৎ চন্দ্র সিংহই ‘অসমৰ জননেতা’ আখ্যা দিয়া এইগৰাকী বিৰল ব্যক্তিত্বৰ মূল্যায়নৰ লক্ষ্যৰে সম্প্রতি এখন তথ্যচিত্র নির্মাণৰ কাম আগবাঢ়িছে৷ ৰাষ্ট্রীয় বঁটা বিজয়ী চলচ্চিত্র সমালোচক মনোজ বৰপূজাৰীৰ পৰিকল্পনা আৰু পৰিচালনাৰে এই উদ্দেশ্যে বিগত দুবছৰ ধৰি চলা যাৱতীয় গৱেষণা আৰু প্রাপ্ত তথ্যৰ ভিত্তিত ভীমবৰ দেউৰীৰ জন্মস্থান আৰু উজনি অসমৰ কেইবাখনো জিলাত দৃশ্যগ্রহণ কৰাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ ভাষ্য দৃশ্যাবদ্ধ কৰা হৈছে৷
তথ্যচিত্রখনিৰ পৰৱর্তী দৃশ্যগ্রহণ ক’ভিডকালীন পৰিস্থিতি উন্নত হ’লেই সম্পন্ন কৰা হ’ব বুলি প্রযোজকৰ তৰফৰ পৰা জনোৱা হৈছে৷