লাহোৱাল তিতাডিমৰুত ভোগালীক আদৰিবলৈ সাজু গাঁওবাসী; সাজি উলিয়াইছে ৰংঘৰ সদৃশ আটকধুনীয়া ভেলাঘৰ
নিয়মীয়া বাৰ্তা, ৪জানুৱাৰী –অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত যেন ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে এতিয়া গাঁৱৰ ৰাইজ ৷ লাহোৱালৰ তিতাডিমৰু গাঁৱতো ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি গাঁৱবাসীৰ । তিতাডিমৰু গাঁৱৰ ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু তিতাডিমৰু গাঁৱবাসীৰ সহযোগত তিতাডিমৰু গাঁৱৰ বাঁহ শিল্প কৰ্মৰ স’তে জড়িত প্ৰণৱ শইকীয়া আৰু সোণটো কোঁৱৰ নামৰ দুজন শিল্পীয়ে সুদীৰ্ঘ ১৩দিনৰ পিছত তিতাডিমৰু গাঁৱৰ খেলপথাৰ প্ৰাংগনত সাজি উলিয়াইছে ৰংঘৰ সদৃশ একোটা ভেলাঘৰ ৷ ৰংঘৰ সদৃশ ভেলাঘৰটো চাবলৈ গাঁৱখনলৈ বিভিন্ন লোকৰ সমাগম ঘটাৰ লগতে সমগ্ৰ গাঁৱখনৰ প্ৰতিঘৰ মানুহৰ ঘৰতে আগতীয়াকৈ ভোগালী বিহুৰ উছাহৰ ঢল বৈছে বুলি জানিব পৰা গৈছে ৷