নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সংবাদমেল

  • ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলেণ্ডযুক্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
  • মাধৱদেৱ কলাক্ষেত্ৰক লৈ চৰকাৰক প্ৰশংসা
  • বদৰুদ্দিন আজমলক গব্বৰ সিং আখ্যা
  • চৰকাৰৰ সাত বছৰীয়া কাৰ্যকালৰ বিফলতাৰ সম্পৰ্কে মন্তব্য
নিয়মীয়া বাৰ্তা, ৯ মে’ ঃ বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় সামৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোগপুৰস্থিত নিজা বাসগৃহত এখনি সংবাদমেল সম্বোধন কৰে। সংবাদ মাধ্যমৰ জৰিয়তে সভাপতি গৰাকীয়ে কয় যে কলিয়াবৰৰ পৰা গহপুৰ হৈ অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যি চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে তাৰ পৰা বঞ্চিত হৈছে লখিমপুৰ আৰু ধেমাজি জিলা দুখন। যিহেতু বৰ্তমান সময়ত বগীবল  দলং নিৰ্মাণ হোৱাৰ পিছৰে পৰা এই দুখন জিলাত যানযঁট যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰোপৰি দুয়োখন জিলাৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা আশা আছিল চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। এই পথছোৱা চাৰিলেণ্ডযুক্ত হ’লে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট এই পাঁচখন জিলাৰ বহু যান বাহন এই পথেৰে গ’ লে বৰ্তমান কাজিৰঙাৰ ওপৰত যিটো হেঁচা সেয়া বহু পৰিমাণে হ্ৰাস পাব। এই সকলো দিশ সামৰি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে সভাপতি ভূপেন কুমাৰ বৰাই ।

 

আনহাতে কাইলৈ নাৰায়ণপুৰৰ বদলা সত্ৰৰ ভূমিত নিৰ্মাণ কৰা মাধৱদেৱ কলাক্ষেত্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভতো ভূপেন কুমাৰ বৰাই মন্তব্য প্ৰদান কৰে। তেওঁৰ মতে তেওঁ বিধায়ক হৈ থকাৰ সময়তে স্বেচ্ছাসেৱী সংস্থা সদিচ্ছাৰ উদ্যোগত ২০০৫ চনত মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰাৰ লগতে নাৰায়ণপুৰত আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা কৰাৰ বিষয়ে অৱগত কৰিছিল। ২০০৭ চনত তদানিন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কলাক্ষেত্ৰখনৰ আধাৰশিলা কৰি প্ৰথম কিষ্টি হিচাপে ৰাজ্য চৰকাৰৰ পৰা পোৱা পাঁচ কোটি টকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। কংগ্ৰেছ চৰকাৰৰ দিনত এই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে যদিও বৰ্তমানৰ চৰকাৰে কলাক্ষেত্ৰখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আনুুষ্ঠানিক ভাৱে মুকলি কৰিব বিছৰা কাৰ্যক প্ৰশংসা কৰিলে সংবাদ মাধ্যমৰ জৰিয়তে।

 

ইয়াৰ পিছত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুুটা নহয় সাতটা বছৰৰ কাইলৈ বৰ্ষপূৰ্তি সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নত চৰকাৰ খন বিফল আখ্যা দিলে সভাপতি গৰাকীয়ে। পৰিবৰ্তন শব্দটো লৈ চৰকাৰলৈ অহা বিজেপিয়ে পৰিবৰ্তনৰ যি মুল আধাৰ আছিল তাক বাদ দি চলিছে। চৰকাৰ সকলো প্ৰতিশ্ৰুতিক বাদ দি কেৱল অৰুনোদয় আঁচনি কেন্দ্ৰিক চৰকাৰ চলাইছে বিজেপি দলে। অন্যহাতে সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ লগত ১১ টা দলৰ মিত্ৰটাক অতি অশালীন শব্দ ব্যৱহাৰ কৰি তাচ্ছিল্য কৰিছে এইটো অসমীয়া সংস্কৃতিৰ পৰিপন্থী বুলি মন্তব্য কৰে সভাপতি ভুপেন কুমাৰ বৰাই ।লগতে আজমলক চ’লে চিনেমাৰ গব্বৰ সিং আখ্যা দি কটু সমালোচনা কৰে সংবাদ মাধ্যম সন্মুখত।
চন্দন শইকীয়া
You might also like