নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত দুটা কেঁটেলা পহু উদ্ধাৰ ধনঞ্জয় বসুমতাৰীৰ

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ বিজনীত দুটা কেঁটেলা পহু উদ্ধাৰ হয়৷ বিটিচিৰ কার্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে অনুসন্ধান চলাই উদ্ধাৰ কৰে কেঁটেলা পহু দুটা৷ এজন ব্যক্তিয়ে দীর্ঘদিনৰ পৰা বন্যপ্রাণী সুৰক্ষা আইন–১৯৭২ ভংগ কৰি গোপনে লালন–পালন কৰি পোহপাল দি আছিল কেঁটেলা পহু দুটাক৷ এই তথ্য লাভ কৰি কার্যবাহী সদস্যগৰাকীয়ে ব্যক্তিজনৰ ঘৰত উপস্থিত হৈ বন্যপ্রাণী সুৰক্ষা আইন ভংগ কৰাৰ অপৰাধৰ বিষয়ে বিতংকৈ বুজাই কেটেলা পহু দুটা জব্দ কৰে৷ আনহাতে কার্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে জব্দকৃত কেঁটেলা পহু দুটাক কাইলৈ মানাস ৰাষ্ট্রীয় উদ্যানৰ বন বিভাগৰ গাভৰুকুন্দা এণ্টি পোচিং শিবিৰ এলেকাত মুকলিকৈ এৰি দিয়া হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷

You might also like