বিজনীৰ কাৱাটিকাত গড়কাপ্তানি পথ নিৰ্মানত ব্যাপক বিসংগতি
চৰকাৰী ভূমি বেদখলমুক্ত কৰি পথ নিৰ্মানত সহযোগ কৰিবলৈ আহ্বান স্থানীয় ৰাইজ আৰু দল সংগঠনৰ
নিয়মীয়া বাৰ্তা ২৯ছেপ্টেম্বৰ: বিজনীৰ কাৱাটিকাত গড়কাপ্তানি পথ নিৰ্মানত ব্যাপক বিসংগতি আৰু অতি লেহেমীয়া হোৱাৰ অভিযোগ ৰাইজৰ।ঠিকাদাৰৰ মৈমতালীৰ বাবে যমৰ-যাতনা ভূগিব লগীয়া হৈছে পথচাৰি।বিগত আঠ মাহে এটা পথ মেৰামতি কৰি তুলিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন। বিজনীকাৱাটিকা মজ্জিদ তিনিআলিৰ পৰা চৌৰাগুৰী বিললৈ অসম চৰকাৰৰ গুডউইল প্ৰকল্পৰ অধিনত মুঠ ১ কিলোমিটাৰ ৮০০ মিটাৰ পথ নিৰ্মাণত ঠিকাদাৰে নিজৰ খেয়াল খুচি মতে অতি লেহেমীয়া গতিৰে কাম চলাই থকাৰ উপৰিও সম্প্ৰতি কাম বন্ধ কৰি ৰখা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।
ঠিকাদাৰে নিৰ্মাণৰত পথটোৰ কাম আধৰুৱা কৰি ৰখাৰ উপৰিও ঠায়ে ঠায়ে উশৃংখলভাবে পাথৰ পেলাই ৰাইজক যমৰ যাতনা দিয়া বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনে। এইক্ষেত্ৰত ঠিকাদাৰে অনতিপলমে পথটো সম্পূৰ্ণ নকৰিলে আন্দোলনৰ পন্থা লোৱাৰ লগতে ঠিকাদাৰৰ ওপৰত বিহিত পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত হুংকাৰ প্ৰদান কৰে। আনফালে স্থানীয় একাংশই গড়কাপ্তানি পথৰ ভূমি অবৈধভাবে বেদখল কৰি মাটি এৰি নিদিয়াৰ কথা উল্লেখ কৰি উক্ত পৰিয়াল সমূহক অতি সোনকালে চৰকাৰী ভূমি বেদখলমুক্ত কৰি পথ নিৰ্মানত সহযোগ কৰিবলৈ আহ্বান জনায়।অন্যথা তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা লবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে স্থানীয় ৰাইজ আৰু দল সংগঠনৰ নেতা কৰ্মীয়ে।