বিজনী কুকলুং ৰেঞ্জ বন্যহস্তী আঘাত প্ৰাপ্ত চিকিৎসাৰ অভাৱত গাওঁ আঞ্চলত প্ৰৱেশ বন্যহস্তী
নিয়মীয়া বাৰ্তা ২৯ জুনঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তত আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণ ৷ বিজনী কুকলং ৰেঞ্জৰ পৰা ওলাই অহা বন্যহস্তীটোৱে আঘাত লৈয়ে ৰাঙিঝৰা , দৈচুমগুৰি আদি জন অঞ্চলত বিগত কেইবাদিন ধৰি বিচৰণ কৰি ফুৰা পৰিলক্ষিত হৈছে ৷ আঘাতপ্ৰাপ্ত হাতীটো ক্ৰমাত দুৰ্বল হৈ পৰিছে যদিও বৰ্তমানলৈ বন বিভাগৰ ফালৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাই ৷ দিনক দিনে খোজ কাঢ়িব নোৱাৰা হৈ গৈ থকা হাতীটোৰ শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ শংকা কৰিছে স্থানীয় ৰাইজে ৷ আঘাতপ্ৰাপ্ত বন্যহস্তীটোক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ বাবে বন বিভাগক দাবী জনাইছে ৷