বিজনী বেকাৰ চ’কত নিখিল ভাৰত কৃষক সভা আৰু CITUৰ উদ্যোগত প্ৰতিবাদী সমদল
নিয়মীয়া বাৰ্তা, ২৪আগষ্ট: বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত বেকাৰ চকত আজি নিখিল ভাৰত কৃষক সভা আৰু CITU ৰ উদ্যোগত প্ৰতিবাদী সমদল উলিওৱা হয়। সংগঠনটোৰ বঙাইগাঁও- চিৰাং জিলা কমিটীৰ উদ্যোগত বেকাৰ চকৰ পৰা আই নদীৰ পাৰলৈকে শৰণাৰ্থী সকলৰ আশ্ৰয় শিবিৰৰ মাজেৰে উলিওৱা হয় এই প্ৰতিবাদী সমদল।
সংগঠনটোৱে জাৰাগুৰীৰ উল্টা খুন্দা বন্ধ কৰা, বান-খহনীয়াত ক্ষতিগ্ৰস্ত সকলক সহায় আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, ক্ষতিগ্ৰস্ত বাট-পথ পুনৰ মেৰামতি কৰা, আই নৈৰ তলি খান্দি নৈৰ গভীৰতা বৃদ্ধি কৰাকে আদি কৰি পাঁচটা দাবীত এই প্ৰতিবাদী সমদল উলিয়ায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলা কৃষক সভাৰ সভাপতি-সম্পাদক ক্ৰমে সত্য পাঠক আৰু সৰৎ দাস, CITU ৰ সভাপতি-সম্পাদক ক্ৰমে হৰেশ্বৰ দাস আৰু হেমকান্ত ৰায়সহ ৰাজ্যিক নেতৃবৃন্দ পৰিমল চক্ৰৱৰ্তী, গজেন্দ্ৰ বৰ্মন আদি নেতা উপস্থিত থাকে।