নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱত মন্ত্ৰী ৰঞ্জিত দাস

অসম দৰ্শন আঁচনিৰ দ্বাৰা নিৰ্মিত ৰঙীয়াল গৃহ জপনা খুলি উদ্বোধন

নিয়মীয়া বাৰ্তা   ১৬অক্টোবৰ : চিৰাঙৰ বিজনী সত্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। আজি তৃতীয় দিনৰ কাৰ্যসূচীত অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকে। মন্ত্ৰী গৰাকীয়ে বিজনী সত্ৰত অসম দৰ্শন আঁচনিৰ দ্বাৰা নৱ-নিৰ্মিত ৰঙীয়াল গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে সত্ৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা যুৱ সমাৰোহ কাৰ্যসূচী উদ্বোধন কৰে।তেওঁ আঠশ সত্ৰত দহ লাখকৈ অনুদান দিয়াৰ লগতে আঠ হাজাৰ নামঘৰত আনটাইট আঁচনিৰ জৰিয়তে আঢ়ৈ লাখকৈ প্ৰদান কৰাৰ কথা ব্যক্ত কৰে। ইফালে বিজনী সত্ৰত আয়োজন কৰা গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱত মন্ত্ৰী ৰঞ্জিত দাসৰ উপৰিও কণ্ঠশিল্পী তৰালী শৰ্মা, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খোল বাদক মনোজ দাসসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। অনুষ্ঠানত খোলবদক মনোজ দাসে খোল বাদন পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

You might also like