নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ ২নং বিষ্ণুপুৰ বজাৰত CPI(M) ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰঃ  বিজনী মহকুমাৰ অন্তৰ্গত ২ নং বিষ্ণুপুৰ ত আজি বন্য হাতীৰ উপদ্ৰপ বন্ধ কৰা, চিকা, ধলা নদীৰ গৰাখহনীয়া ৰোধ কৰা, দখলীকৃত কৃষকক মাটিৰ পট্টা প্ৰদানৰ দাবীত চিপিআই(এম)ৰ বিষ্ণুপুৰ দাৰাঙ্গা লোকেল কমিটীৰ উদ্যোগত ২ নং বিষ্ণুপুৰ বজাৰত ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী। মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে বিজনী মহকুমাৰ উত্তৰাঞ্চলত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই কৃষকৰ খেতি, ঘৰ-দুৱাৰ তহিলং কৰি অহাৰ উপৰিও ইতিমধ্যে বহুতো লোকৰ প্ৰাণ কাঢ়ি লৈ গৈছে। এনে পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী অথবা বিটিচি প্ৰশাসনে কোনো ধৰণৰ হাতী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চিপিআই(এম) নেতাই।

ইয়াৰ লগতে চিপিআই(এম) বঙাইগাঁও জিলাৰ সদস্য গজেন্দ্ৰ বৰ্মনে হাতী মানুহৰ সংঘাতৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি চৰকাৰে সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে। আৰু লগতে অত্যাৱশ্যকীয় সামগ্ৰী(সাংশধিয়) আইনৰ বিৰোধিতাৰ লগতে আয়কৰ বহিৰ্ভূত প্ৰতিটো পৰিয়ালক কম পক্ষে ৬ মাহলৈকে ৭৫০০ টকাকৈ নগদ ধন আদায় দিয়াৰ আহ্বান কৰে।
আজিৰ চিপিআই(এম) বিষ্ণুপুৰ দাৰাঙ্গা আঞ্চলিক কমিটীৰ উদ্যোগত হোৱা অৱস্থান ধৰ্মঘটত লোকেল কমিটীৰ সম্পাদক মদন বিশ্বাস, জিলা কমিটীৰ সদস্য নিৰঞ্জন মহন্ত, হিতেশ ৰায় শৰৎ দাস, সুমতি কবি, শুভংকৰ ঘোষ আৰু লোকেল কমিটীৰ সকলো সদস্যৰ লগতে বহু সমৰ্থক উপস্থিত থাকে।

You might also like