নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাৰ অপহৃতাক বিহাৰত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ধুবুৰীৰ বিলাসীপাৰাৰ নয়াহাট অঞ্চলৰ পৰা এগৰাকী মহিলা অপহৰণৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তকে ধৰি অপহৃত মহিলাগৰাকীকো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। জিলাখনৰ বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সুদূৰ বিহাৰৰ গোপালগঞ্জৰ পৰা দূৰ্ভগীয়া মহিলাগৰাকীক উদ্ধাৰ কৰাৰ সমান্তৰাল কৈ অপহৰণৰ সৈতে জড়িত থকা যুৱকজনকো কৰায়ত্ব কৰা হৈছে। ধুবুৰী আৰক্ষীয়ে আজি নিশা সামাজিক মাধ্যম “X” যোগে এই কথা সদৰি কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like