বিজনীত ড্ৰাগছক বিৰুদ্ধে সৰৱ ছাত্ৰ সংগঠন স্মাৰক পত্ৰ প্ৰদান
নিয়মীয়া বাৰ্তা ২৫ জুনঃ ৰাজ্য চৰকাৰে অসমত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিবসৈ চেষ্টা কৰাৰ সময়তে চিৰাং জিলাত কেবাটাও ছাত্ৰ সংগঠনে এই ব্যাধি সমূলি ৰোধ কৰাৰ বাবে চিৰাং জিলা প্ৰশাসনক আহ্বান জনাইছে | আজি শুকুৰবাৰে টিৰাং জিলাৰ বিজনী মহকুমাধিপতিক কেবাটাও ছাত্ৰ সংগঠনে একত্ৰিত হৈ যৌথভাৱে ড্ৰাগছৰ বিৰুদ্ধে এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷
লক্ষণীয় যে, চিৰাং জিলাৰ লগতে চুবুৰীয়া বঙাইগাঁও জিলাতো সাম্প্ৰতিক সময়ত নিচাজাতীয়.ড্ৰাগছৰ প্ৰচলন যুৱ প্ৰজন্মৰ লগতে উঠি অহা একাংশ
ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ ধ্বংস নমাই আনিছে |
আজি চিৰাং জিলাৰ বিশেষকৈ বিজনী মহকুমা এলেকাত বিগত সময়ছোৱাত ড্ৰাগছৰ ব্যৱসায়, সৰবৰাহ আৰু সেৱনকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত বহু যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল | বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰী এলেকাতো যাতে পুনৰাই ড্ৰাগছৰ ব্যৱসায় চলি যাব নোৱাৰে তাৰ বাবে চিৰাং জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনায় | আজি শুকুৰবাৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থা, আক্ৰাছুৰ মহকুমা সমিতি, আমছুৰ বিজনী জিলা সমিতি, এবিএমছুৰ বিজনী জিলা সমিতি, বিজনী আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু
চিৰাং জিলা বেংগলী সুৰক্ষা সমিতিয়ে বিজনীৰ মহকুমাধিপতি দিবাকৰ নাথল স্থাৰকত
পত্ৰ প্ৰদান কৰে |
বিজনীৰ মহকুমাধিপতিক ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যাবলৈ আহ্বান জনাইছে | স্মাৰক পত্ৰ প্ৰদানৰ পাছত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উল্লিখিত ছাত্ৰ সংগঠনৰ পৰা সংবাদ মাধ্যমৰ আগত সম্বোধন কৰা হয় ৷ সংবাদমেলত আমছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক আবুল কালাম আজাদ আৰু সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি স্বৰূপ সূত্ৰধৰে মন্তব্য ৰাখে |
সংবাদ মেলত আমছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক আবুল কালাম আজাদ, সদৌ অসম ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সভাপতি স্বৰূপ জ্যোতি সূত্ৰধৰে মন্তব্য প্ৰকাশ কৰিছে |