নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৈৱ ইন্ধন উৎপাদন তথা বিপণন কৰা  উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো শোধনাগাৰৰ কৃতিত্ব অৰ্জন  বিজিআৰৰ

নিয়মীয়া বাৰ্তা,১৬ আগষ্ট: ভাৰতীয় তেল নিগমৰ অধিনস্থ নামনি অসমৰ একমাত্ৰ বৃহৎ তৈল উদ্যোগ বঙাইগাঁও শোধনাগাৰ চমুকৈ বিজিআৰে জৈৱ-ইন্ধন উৎপাদন তথা বিপণন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো শোধনাগাৰ হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। দেশৰ মুঠ উৎপাদনৰ মাত্ৰ ২ শতাংশ জৈৱ-ইন্ধন উৎপাদনৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা অনুসৰি ভাৰতীয় তেল নিগমৰ অধিনস্থ শোধনাগাৰ সমূহত জৈৱ-ইন্ধন উৎপাদন তথা বিপণন বৃদ্ধিৰ অংশ হিচাপে দুদিন পূৰ্বে ভাৰতীয় তেল নিগমৰ অধ্যক্ষ এছ এম বৈদ্যই বিজিআৰত উৎপাদিত ‘১০ শতাংশ ইথানেল ব্লেণ্ডেড মটৰ স্পিৰিট’ (ই বি এম এছ) ৰ প্ৰথম অংশ বজাৰলৈ মুকলি কৰি দিয়ে।

ভাৰ্চুৱেল পদ্ধতিৰে ৰিম’টৰ বুটাম টিপি অধ্যক্ষ বৈদ্যই ‘ই বি এম এছ’ পৰিবাহী ট্ৰাক টেংকাৰ আনুষ্ঠানিক ভাৱে বিজিআৰ প্ৰকল্পস্থলীৰ পৰা গন্তব্য স্থানলৈ প্ৰেৰণ কৰে। জৈৱ-ইন্ধন মুকলি আনুষ্ঠানিকতাৰ লগত সংগতি ৰাখি আগবঢ়োৱা ভাষণত ভাৰতীয় তেল নিগমৰ অধ্যক্ষ জনে উত্তৰ পূৰ্বাঞ্চলৰ শোধনাগাৰ সমূহৰ ভিতৰত বঙাইগাঁও শোধনাগাৰে প্ৰথমে জৈৱ-ইন্ধন উৎপাদন তথা বিপণন কৰি এক অনন্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা অনুসৰি ২ শতাংশৰ পৰা ১০ শতাংশলৈ জৈৱ-ইন্ধন উৎপাদন বৃদ্ধিৰ আঁচনিক বাস্তৱ ৰূপ দিবলৈ দেশৰ অন্যান্য প্ৰান্তত থকা  ভাৰতীয় তেল নিগমৰ অধিনস্থ শোধনাগাৰ সমুহত ইতিমধ্যে উৎপাদন আৰম্ভ কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ শোধনাগাৰ সমূহৰ ভিতৰত বঙাইগাঁও শোধনাগাৰে প্ৰথমে জৈৱ-ইন্ধন উৎপাদন তথা বিপণন কৰি ইতিহাস ৰচনা কৰিলে বুলি অধ্যক্ষ বৈদ্যই মন্তব্য প্ৰকাশ কৰে। আগন্তুক এবছৰৰ ভিতৰত দেশে ১০ শতাংশ উৎপাদন বৃদ্ধিৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে। জৈৱ-ইন্ধন উৎপাদন বৃদ্ধিৰ দ্বাৰা ভাৰত চৰকাৰে ইন্ধনৰ চাহিদা পূৰণ, পৰিৱেশ সুৰক্ষিত কৰা তথা অন্যান্য যিবোৰ উদ্দেশ্যে চিন্তা চৰ্চা কৰিছে, সেই সমুহে বাস্তৱ ৰূপ পাব বুলিও অধ্যক্ষ বৈদ্যই মত প্ৰকাশ কৰে। উল্লেখ্য যে দেশৰ মুঠ উৎপাদিত পেট্ৰ’লিয়াম ইন্ধনৰ ৯৮ শতাংশ খাৰুৱা তেলৰ পৰা পোৱাৰ বিপৰীতে অহা বছৰৰ ভিতৰত এই পৰিমাণ ৯০ শতাংশলৈ হ্ৰাস পাব। ফলত বহিঃৰাষ্ট্ৰৰ পৰা খাৰুৱা তেল আমদানিৰ পৰিমাণৰো কিছু অংশ হ্ৰাস পাব।

ভাৰতত উৎপাদিত কুহিয়াঁৰ, ধান,চাউল, বাঁহ আদি বিভিন্ন উদ্ভিদজাত সামগ্ৰীৰ পৰা এই জৈৱ-ইন্ধন উৎপাদনৰ প্ৰক্ৰিয়া দেশত আৰম্ভ হোৱাৰ লগে লগে শোধনাগাৰ সমূহৰো উৎপাদন ক্ষমতা বৃদ্ধি কৰা হৈছে। বিজিআৰৰ সেইদিনাৰ অনুষ্ঠানৰ পূৰ্বে শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱাই ভাৰতীয় তেল নিগমৰ অধ্যক্ষ জনক ভাৰ্ছুৱেলী আদৰণি জনায়। আনহাতে অধ্যক্ষ এছ এম বৈদ্যই ৰিম’টৰ বুটাম টিপাৰ লগে লগে বঙাইগাঁও শোধনাগাৰ প্ৰকল্পস্থলীত মুখ্য মহা প্ৰৱন্ধক (টি এছ এণ্ড এইচ এছ ই) এছ বি লহকৰে প্ৰত্যক্ষ ভাৱে পতাকা জোকাৰি ইন্ধন ভৰ্তি ট্ৰাক টেংকাৰ প্ৰকল্পস্থলীৰ পৰা গন্তব্য স্থানলৈ প্ৰেৰণ কৰে। বিজিআৰৰ সেইদিনাৰ অনুষ্ঠানত জে জে দাস (চি জি এম, টি),ইণ্ডিয়ান অইল অফিচাৰ্চ এছোচিয়েছন আৰু বিজিআৰ কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।।

You might also like