নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰোৱা বালিসত্ৰত ডঃ কেশৱানন্দ দেৱগোস্বামীৰ জন্ম জয়ন্তী উদযাপন

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ শ্ৰীমন্ত ফাউণ্ডেচন, চিহ্ন, ধিং মহাবিদ্যালয়, পশ্চিম নগাঁও সত্ৰ মহাসভা আৰু নৰোৱা বালিসত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আজি নৰোৱা বালিসত্ৰত দিনজোৰা কাৰ্যসূচীৰে শংকৰদেৱ বঁটাপ্ৰাপক সংগীতাচাৰ্য ডঃ কেশৱানন্দ দেৱগোস্বামীৰ ৯২সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় । এই উপলক্ষে পৰিয়ালে বনাই দিয়া মাৰ্বল পাথৰৰ প্ৰয়াত শিল্পীজনৰ সমাধি ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । পুৱা সত্ৰৰ নামঘৰত সত্ৰৰ নামঘৰত নাম প্ৰসংগ কৰাৰ পিছত সমাধি ক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণ, বৃক্ষ ৰোপণ আৰু সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা হয় । এই অনুষ্ঠানত ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শ্ৰী মন্ত ফাউণ্ডেচনৰ ডঃ বিমান হাজৰিকা, চিহ্নৰ মৃদুপৱন বৰা, পশ্চিম নগাঁও সত্ৰ মহাসভাৰ সম্পাদক মাণিক বৰা, নৰোৱা বালিসত্ৰ পৰিচালনা সমিতিৰ সম্পাদক কুশ বৰদলৈৰ লগতে প্ৰয়াত কেশৱানন্দ দেৱগোস্বামীৰ কনিষ্ঠ ভাতৃ ডঃ সাৰদানন্দ দেৱগোস্বামীৰ উপৰি পৰিয়ালৰ লোকসকল উপস্থিত আছিল । কভিডকালীন পৰিস্থিতিৰ বাবে এই অনুষ্ঠান সীমিত কৰা হয় ।

You might also like