দুলীয়াজানত সুধাকন্ঠৰ ৯৪ সংখ্যক জন্মবাৰ্ষিকী পালন
নিয়মীয়া বাৰ্তা, ৮ ছেপ্তেম্বৰঃ বিশ্ববৰেণ্য শিল্পী সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আজি দুলীয়াজানত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । সন্ধিয়া ৬ বজাত দুলীয়াজান বিহুতলী প্ৰাংগণত সুধাকণ্ঠ গৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত দুলীয়াজান সাহিত্য সভা, দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ, দুলীয়াজান প্ৰেছ ক্লাব আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই যৌথভাৱে অনুষ্টুপীয়াকৈ বন্তি প্ৰজ্বলনৰ এটি কাৰ্যসূচী ৰূপায়ণ কৰে । দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সাঃ সম্পাদক দিপাংকৰ গগৈয়ে আঁত ধৰা এই অনুষ্ঠানটিত আস্থা হাজৰিকা আৰু নিষ্ঠা হাজৰিকাৰ গীতৰ শৰাইৰ লগতে জ্ঞানদীপ তামুলীৰ বাঁহীবাদন আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে গণশিল্পী গৰাকীক সশ্ৰদ্ধে সোঁৱৰণ কৰে । এই কাৰ্যসূচীত দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ সুৰেন্দ্ৰনাথ গগৈ, অইল ইণ্ডিয়াৰ আবাসিক মুখ্য বিষয়া দিলীপ দাস , মুখ্য মহাপ্ৰৱন্ধক হীৰেন চন্দ্ৰ বৰা আৰু দিলীপ কুমাৰ ভূঞা প্ৰমুখ্যে দুলীয়াজান সাহিত্য সভাৰ সভাপতি আদিত্য গোস্বামী আৰু আছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈ উপস্থিত থাকি সুধাকন্ঠগৰাকীৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে ।