ৰাজ্যত নতুনকৈ আজি ২৫৭৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত
নিয়মীয়া বাৰ্তা,৯ ছেপ্টেম্বৰঃ যোৱা ২৪ ঘন্টাত ৩৪হাজাৰ ৪৬২টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ২৫৭৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
আক্ৰান্তৰ হাৰ ৭.৪৮শতাংশ ৷
আজি আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ভিতৰৰ ৭৯২ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৬০গৰাকী ডিব্ৰুগড়ৰ, ১৪৬ গৰাকী যোৰহাটৰ, ১১০গৰাকী ধেমাজিৰ ৷
↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা — ১৩০৮২৩জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ৩১৩৬৯ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা – ৯৯০৭৩
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ৩৭৮