সাহিত্যৰথী জাতীয় বিদ্যালয়ত বৈদ্যুতিন মাধ্যমেৰে বিষ্ণু ৰাভা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২০ জুন : বৰ্তমান সময়ত ক’ৰণা মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰি যি ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ ফল স্বৰূপে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত আহি পৰা সমস্যা অতিক্ৰমি লকডাউনৰ প্ৰথম অৱস্থাৰ পৰাই বৈদ্যুতিন শ্ৰেণী চলাই যোৱা দুলীয়াজানৰ “সাহিত্যৰথী জাতীয় বিদ্যালয়ে” সম্পূৰ্ণ স্বাস্থ্য বিধি মানি মূলতঃ বৈদ্যুতিন মাধ্যমৰ সহায় লৈ আজি অৰ্থাৎ ২০ জুন দিনা আয়োজন কৰে “বিষ্ণুৰাভা দিৱস”।
সামাজিক দূৰত্ব ৰক্ষা কৰি বিদ্যালয়খনৰ সচিব ড০ সত্যকাম বৰঠাকুৰ আৰু বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পিংকী ৰাণী দাসে বন্তি প্ৰজ্জ্বলনেৰে এই অনুষ্ঠানটো আৰম্ভ কৰে। লগতে অনলাইন যোগে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিষ্ণু ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত কৰিলে চিত্ৰাংকন, বিষ্ণু ৰাভা সংগীত আৰু বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতা ।
এই প্ৰতিযগিতাসমূহত অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলে ‘কলাগুৰু’ক স্মৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰাভাৰ বিষয়ে সজাগতা অনাৰ প্ৰয়াস চলোৱা হয়।