বিশ্বনাথৰ পৰা বিহালী’ত গোৰ্খা জনগোষ্ঠিৰ পবিত্ৰ ৰমাইলো তিহাৰ উৎসৱ পালন
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীৰ লগতে গোৰ্খা জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰে ৰমাইলো’ তিহাৰ। গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে কাতি মাহৰ কৃষ্ণ ত্ৰয়োদশীৰ পৰা শুক্লপক্ষৰ দ্বিতীয়ালৈকে পাঁচ দিন অতি আনন্দ উল্লাসৰে পালন কৰে এই উৎসৱ। সেই উৎসৱ বিহালীতো বাদ নপৰে। বিহালী সমষ্টিৰ অন্তর্গত ৰাংছালী সাধুবস্তি গোৰ্খা জনগোষ্ঠী লোকসকলৰ মাজত প্ৰতি বছৰে দেখা যায় পৰম্পৰাগত এই ৰমাইলো তিহাৰ উৎসৱৰ আয়োজন কৰা । পৰম্পৰাগত ভাবে এই উৎসৱত ঘৰৰ অপাই অমংগল দুৰ কৰাৰ বাবে প্ৰথমে কাউৰীক পূজা কৰা হয় ।
ইয়াৰ পিচতে পূজা কৰা হয় প্ৰভুভক্ত কুকুৰক । লগতে পোহনীয়া গৰু নিৰোগী হোৱাৰ কাৰণে গৰুক গা ধোৱাই পুজা কৰা হয় এই উৎসৱক গোবৰ্ধন পূজা বুলি কোৱা হয়| তদুপৰি সকলোৰে গৃহস্থৰ চোতালত দেওচি “ভৈলী” গাই গৃহস্থক কুশলে থকাৰ আশীৰ্বাদ দিয়ে| হিন্দু গোৰ্খা সমাজত প্ৰাচীন কালৰে পৰা মানি অহা হয় ভাতৃ দ্বিতীয়া অৰ্থাৎ ভাই টিকা এই তিহাৰৰ অন্তিম দিন কাতি মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিৰ দিনটো ভাতৃ দ্বিতীয়া বা ভাই টিকা দিয়া পৰ্ব আৰম্ভ হয়। ভাতৃ দ্বিতীয়াৰ দিনা বাই-ভনীয়ে ককাই-ভাইক সেৱা-শ্ৰদ্ধা জনাই দীৰ্ঘায়ু আৰু শ্ৰীবৃদ্ধি কামনা কৰি কপালৰ সোঁমাজত নানা ৰংগী টিকা (ফুট) লগাই শিয়াল ৰুটি অৰ্থাৎ খাৰু ৰুটি বনাই নাৰিকলৰ লাডু, তিলৰ আচাৰৰ লগত খাবলৈ দিয়ে । ককাই-ভাইয়েও একেধৰণে বাই-ভনীক টিকা লগাই বস্ত্ৰাদি উপহাৰ দান কৰা পৰম্পৰা গোৰ্খা সমাজত অনাদি কালৰ পৰাই প্ৰচলিত হৈ আহিছে।