নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা সমষ্টি পুনৰ দখলৰ অভিযান বিজেপিৰ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ৰাজ্যৰ বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে সমষ্টিয়ে সমষ্টিয়ে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে৷ এইক্ষেত্রত পিছপৰি থকা নাই ৰহা বিধানসভা সমষ্টি৷ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত নগাঁও জিলাৰ ৮২নং ৰহা বিধানসভা সমষ্টিত বিজেপি, কংগ্রেছ, এ আই ইউ ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে৷ দীর্ঘদিন ধৰি কংগ্রেছৰ দখলত থকা ৰহা বিধানসভা সমষ্টিত ১৯৮৫ চনত অগপৰ উমেশ দাস, ১৯৯১ আৰু ১৯৯৬ চনত অগপৰ গহীন দাস, ২০০৬ চনত এ আই ইউ ডি এফৰ গুণেশ্বৰ দাস আৰু ২০১৬ চনত বিজেপিৰ ডিম্বেশ্বৰ দাস নির্বাচিত হৈছিল৷ উল্লেখ্য যে অগপৰ গহীন দাস একেৰাহে দুবাৰ নির্বাচিত হৈছিল যদিও আন কোনো বিধায়ক সমষ্টিটোত দুবাৰ জয়ী হোৱাৰ নজিৰ নাই৷ এইবাৰ সমষ্টিটো পুনৰ নিজৰ হাতত ৰাখিবৰ বাবে বিজেপি দলে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে৷

২০১৬ চনৰ ভোটাৰ তালিকা অনুসৰি ১,৮৮,৬৫০টা ভোট থকা ৰহা বিধানসভা সমষ্টিত ২০১৬ চনৰ নির্বাচনত বিজেপিৰ ডিম্বেশ্বৰ দাসে ৭৬,৯৪১টা ভোট পাই নির্বাচিত হৈছিল৷ কংগ্রেছৰ শশীকান্ত দাসে ৪৩,৮৬৭টা, এ আই ইউ ডি এফৰ গুণেশ্বৰ দাসে ৩৮,৭৬৭টা ভোট লাভ কৰিছিল৷ এইবাৰ বিজেপি দলৰ পৰা বর্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাস, যুৱনেতা সঞ্জীৱ হাজৰিকা, মনজ্যোতি বৰাকে ধৰি একাধিক প্রার্থিত্বপ্রয়াসীয়ে সমষ্টিটোত প্রার্থিত্ব লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ শেহতীয়াভাৱে প্রাক্তন ছাত্রনেতা তথা ক্রীডা সংগঠক তপন দাসে বিজেপিত যোগদান কৰিছে৷ তপন দাসেও সমষ্টিটোত বিজেপি দলৰ পৰা প্রার্থিত্ব বিচাৰিব বুলি জানিব পৰা গৈছে৷ যুৱনেতা সঞ্জীৱ হাজৰিকাই সমষ্টিটোৰ বিভিন্ন স্থানত ৰাইজৰ লগত জনসম্পর্ক অব্যাহত ৰখাৰ লগতে বানাক্রান্তৰ কাষত থিয় দিয়াৰ লগতে ক’ৰোনাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে দৰিদ্র লোকক সহায়ৰ হাত আগবঢ়াই ৰাইজৰ মন আকর্ষণ কৰিবলৈ চেষ্টা চলায়৷

সমষ্টিটোত হাজৰিকা প্রার্থিত্বৰ সবল দাবীদাৰ হৈ পৰিছে৷ বর্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসেও প্রার্থিত্ব লাভৰ বাবে চেষ্টাৰ কোনো ত্রুটি ৰখা নাই৷ ইপিনে, কংগ্রেছ দলৰ পৰা প্রার্থিত্ব বিচৰাসকলৰ ভিতৰত প্রাক্তন বিধায়ক গুণেশ্বৰ দাস, কংগ্রেছ নেতা শশীকান্ত দাস, দ্বীপ দাস, মুকুট দাস, প্রাক্তন মন্ত্রী প্রয়াত আনন্দৰাম বৰুৱাৰ পুত্র অনুপানন্দ বৰুৱা অন্যতম৷ ১৯৮৫ চনৰ পৰা একেৰাহে তিনিটা কার্যকালৰ বাবে অগপৰ বিধায়ক থকা বিধানসভা সমষ্টিটোত এতিয়া অগপৰ কোনো শক্তিশালী ভিত্তি নাই৷ অগপৰ শীর্ষ নেতৃত্বয়ো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ যাৰবাবে সমষ্টিটোত কোনো নেতাৰ নাম চর্চালৈ অহা নাই৷ একেই অৱস্থা হৈছে এ আই ইউ ডি এফৰ ক্ষেত্রতো৷

ইতিমধ্যে কংগ্রেছ–এ আই ইউ ডি এফৰ মাজত মহাজোঁট গঠনৰ প্রক্রিয়া অব্যাহত আছে৷ মহাজোঁট গঠন হ’লে সমষ্টিটোত কংগ্রেছে প্রার্থিত্ব লাভ কৰাৰ সম্ভাৱনাই বেছি৷ সমষ্টিটোত ভোটাৰৰ বিন্যাস লক্ষ্য কৰিলে দেখা যায় যে অহা নির্বাচনত বিজেপি প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷

You might also like