নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ‘এইবাৰ বিধানসভা নিৰ্বাচনত ২০ বছৰে চামগুৰিবাসী ৰাইজক ঠগি থকা মানুহজনক একে বাৰে বিদায় দিব। যোৱা ২০ বছৰত চামগুৰিবাসী ৰাইজে তেওঁৰ পৰা কি পালে সকলোৱে জানে ৷ কাৰণ চামগুৰিৰ ৰাইজ ইমান দিনে স্বাধীনভাবে থাকিব পৰা নাছিল।

আনকি নিজৰ ভোটটো মনে বিচৰা প্ৰাৰ্থীগৰাকীক দিব পৰা নাছিল ৷ মই এটা সুস্থ মন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। চামগুৰিৰ বাবে কিবা এটা কৰিম। নিবনুৱা সমস্যাৰ লগতে ৰাস্তা ঘাট নিৰ্মাণেৰে চামগুৰিত উন্নয়নৰ জোৱাৰ আনিম।’  -এই মন্তব্য চামগুৰি সমষ্টিৰ মিত্ৰজোঁট বিজেপিৰ প্ৰাৰ্থী তথা কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ।

চামগুৰি সমষ্টিৰ অন্তৰ্গত আমবাগান আৰু টুবুকিজাৰনি পঞ্চায়তৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি প্ৰাৰ্থী অনিল শইকীয়া উপস্থিত থাকি ভাষণ প্ৰসংগত কয়, ‘২০ বছৰে চামগুৰিত হোৱা দুৰ্নীতি আৰু অপ শাসনৰ এইবাৰ অৱসান ঘটিব। অহা ২৭ তাৰিখে চামগুৰি ৰাইজে পদুম ফুলত বিপুল ভোট প্ৰদান কৰি এক নতুন দিগন্তৰ সুচনা কৰিব। এইবাৰ পুনৰ অসমত বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব। আন দলৰ বিধায়ক হ’লে এই সমষ্টি পুনৰ পিছ পৰি থাকিব। ৰকিবুল হুছেইনে সমষ্টি উন্নয়নৰ নামত কেৱল দুৰ্নীতি কৰি নিজৰ পেট ভৰালে। অহংকাৰী এই বিধায়কজনে সমষ্টিৰ উন্নয়নৰ বাবে এবাৰলৈও যোৱা পাঁচ বছৰত চৰকাৰৰ ওচৰ নাচাপিলে। উন্নয়ন ক’ৰ পৰা হ’ব ।’

লাওখোৱা মণ্ডল বিজেপিৰ সভাপতি সুব্ৰত সিনহা, বিজেপি নেতা বিৰাজ নন্দী আৰু কলিয়াবৰ জিলা সখ্যালঘু মৰ্চাৰ সভাপতি চাইদুল ইছলাম উপস্থিত থকা নিৰ্বাচনী সভাকেইখনত লিটন চৰকাৰ, ৰবিন্দ্ৰ মণ্ডল, স্বপন বৰ্মন, শংকৰ মণ্ডল, মঞ্জু দাস, মল্লিকা মণ্ডলকে ধৰি প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই চামগুৰি সমষ্টিত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে ৷ বিশেষকৈ মিত্ৰজোঁটৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী অনিল শইকীয়াই বাজিয়াগাওঁ আৰু লাওঁখোৱা ব্লকৰ প্ৰতিটো বুথ সমিতিৰ অন্তৰ্গত অঞ্চলসমূহত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি সাংগঠনিক দিশ সবল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ইপিনে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও গৃহ সমষ্টি চামগুৰিত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷

You might also like