মাৰ্ঘেৰিটাত শোভাযাত্ৰা কৰি বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই আজি দাখিল কৰে মনোনয়ন পত্ৰ।
কংগ্ৰেছ আৰু এজেপিৰ প্ৰাৰ্থীৰ প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ভাস্কৰ শৰ্মাই কয় যে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদক লৈ বিজেপি দল চিন্তিত নহয়। কিমান ভোটৰ ব্যৱধানত জয়ী হোৱাৰ সম্ভাবনা বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰাৰ্থী গৰাকীয়ে কয় যে ভোটাৰ ৰাইজৰ মাজত যোৱাৰ পাছতহে এই সন্দৰ্ভত মন্তব্য কৰিব পাৰিব।
সাংসদ ৰামেশ্বৰ তেলীয়ে চল্লিছ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত ভাস্কৰ শৰ্মা বিজয়ী হ’ব বুলি মন্তব্য কৰে। আজি পুৱা বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে সমগ্ৰ মাৰ্ঘেৰিটা নগৰতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়।
মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰায় ৩ সহস্ৰাধিক বিজেপি দলৰ কৰ্ম-কৰ্তা আৰু সমৰ্থক সমৱেত হয়। তাৰ পৰা মাৰ্ঘেৰিটা, সদৰ আৰু বুঢ়ীদিহিং মণ্ডলৰ সভাপতি ভৱেশ দত্ত, ভাদেশ্বৰ মৰাণ, আশিস ৰয়, বিজেপি নেতা আনন্দ শৰ্মা, ভীম কৰ্মকাৰ আৰু ভাস্কৰ শৰ্মা পত্নী কন্যা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীসহ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই সমদল কৰি আহি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ মহকুমাধিপতি সম্প্ৰতি গোস্বামীৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে।
পাছত উত্তৰ মাৰ্ঘেৰিটা ৰংগ মঞ্চত সমৱেত হোৱা কৰ্মী-সমৰ্থকক সম্বোধন কৰে ভাস্কৰ শৰ্মাই। উক্ত অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক সত্য ৰঞ্জন বৰকাকতী, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদক সীমান্ত মাধৱ কটকী, লিডুৰ বৃহত্তৰ বেংগলী সমাজৰ বিপুল ৰয় আদি কেইবাজনো নেতাই আজি বিজেপি দলৰ নীতি আৰ্দশ প্ৰতি সন্মান জনাই দলত যোগদান কৰে।