বিজেপিয়ে বিপিএফ–ইউপিপিএলক সাৰথি কৰি অস্থিৰতাৰ সৃষ্টি কৰিছেঃ আজমল
শ্রীৰামপুৰ–আলুখুন্দা একেখন মঞ্চত আজমল–ৰিপুণ–ৰকিবুল
নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ বিজেপিয়ে ধর্ম–জাতপাতৰ নামত বিভাজন আৰু সাম্প্রদায়িক বিষবাষ্প বিয়পাই বি পি এফ আৰু ইউ পি পি এলৰ লগত গোপন মিত্রতা কৰি বিটিচিৰ ধর্মীয়–ভাষিক সংখ্যালঘু, আদিবাসী, কোচ ৰাজবংশী আদি জনগোষ্ঠীৰ সকলো অধিকাৰ কাঢ়ি লোৱাৰ ষডযন্ত্রত লিপ্ত হৈছে৷ এই অশুভ মিত্রতা ৰুধিবলৈ কংগ্রেছ–এ আই ইউ ডি এফে একেলগে বিটিচিৰ নির্বাচন আৰু আগন্তুক বিধানসভা নির্বাচনত যৌথভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে আগবাঢ়িছে৷’ –এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ৷ বিটিচি নির্বাচনত কংগ্রেছ এ আই ইউ ডি এফে প্রক্ষেপ কৰা প্রার্থীসকলক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় এ আই ইউ ডি এফৰ সভাপতিজনে৷ বিটিচিৰ ৩ নম্বৰ শ্রীৰামপুৰ পৰিষদীয় সমষ্টিৰ কংগ্রেছ প্রার্থী সজল কুমাৰ সিংহৰ সমর্থনত আজি হাউৰিয়াপেট খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত ভাষণ প্রসংগত এ আই ইউ ডি এফৰ সভাপতি আজমলে আৰু কয়– ‘বি পি এফ, ইউ পি পি এল আৰু ভোট কটাৰ বাবে থিয় হোৱা একাংশ দালালৰূপী নির্দলীয়ক ভোট দিয়া মানে বিজেপিৰ হাত শক্তিশালী কৰা হ’ব৷ বিজেপি আৰু বিজেপিৰ মিত্রদলসমূহে ৰাইজৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰে, বৰঞ্চ বিজেপিশাসিত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন ক’লা আইন প্রণয়ন কৰি ৰাইজৰ ভূমিৰ অধিকাৰকে ধৰি সংবিধানপ্রদত্ত বিভিন্ন মৌলিক অধিকাৰ কাঢ়ি নিয়াৰ ষডযন্ত্র কৰিছে৷ ধর্মীয় আৰু ভাষিক সংখ্যালঘু ৰাইজক বিদেশী, ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰি আহিছে৷ এতিয়া আকৌ বিটিচি নির্বাচনত বিজেপিয়ে বি পি এফ আৰু ইউ পি পি এলক সাৰথি কৰি এক অস্থিৰতা সৃষ্টি কৰাৰ প্রয়াস চলাইছে৷ কিন্তু তেওঁলোকৰ এই ষডযন্ত্রৰ পৰা ৰাইজক উদ্ধাৰ কৰিবলৈ বিটিচিত কংগ্রেছ আৰু ইউ ডি এফৰ মিত্র প্রার্থী সজল কুমাৰ সিংহক ভোট দিবলৈ সভাত উপস্থিত ৰাইজলৈ আহ্বান জনায় এ আই ডি এফৰ সভাপতি আজমলে৷
সভাত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি–বি পি এফৰ কাজিয়াক নাটক বুলি অভিহিত কৰি কয় যে হাগ্রামা মহিলাৰীয়ে যদি বিটিচিত দুর্নীতি কৰিছে, তাৰ বাবে বিজেপি আৰু বিজেপিৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা সমানে দায়ী৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাত ভীত হৈ বিজেপিৰ নেতাসকলে এতিয়া আবোল–তাবোল বকি আছে৷ বিটিচিৰ নির্বাচনী প্রচাৰত আহি বিত্তমন্ত্রী ড০ শর্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হাগ্রামা মহিলাৰী তথা বি পি এফক যিদৰে আক্রমণ কৰি আছে, সেয়া সাধাৰণ ৰাইজৰ বোধগম্য হোৱা নাই৷ ৰাজ্য চৰকাৰত এতিয়াও অংশীদাৰ হৈ থকা বি পি এফৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা আৰু হাগ্রামা মহিলাৰীক ব্যক্তিগত আক্রমণ কৰাটোক নির্বাচনকেন্দ্রিক নাটক আৰু ইউ পি পি এলক সন্তুষ্ট কৰাৰ এক কৌশল বুলি কয় প্রদেশ কংগ্রেছৰ সভাপতি বৰাই৷ তেওঁ আৰু কয় যে অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰাৰ বাবে কংগ্রেছ চৰকাৰে এন আৰ চিৰ কাম আৰম্ভ কৰিছিল৷ উচ্চতম ন্যায়ালয়ৰ পর্যবেক্ষণত অসমত এন আৰ চিৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ কিন্তু ষডযন্ত্রমূলকভাৱে বিজেপিশাসিত বর্তমানৰ অসম চৰকাৰে এন আৰ চিৰ পৰা ৰাইজক বঞ্চিত কৰি ৰাখিছে৷ ধর্মনিৰপেক্ষতা আৰু ৰাইজৰ গণতান্ত্রিক অধিকাৰক কাঢ়ি নিয়াৰ বাবে বিজেপিৰ চক্রান্তত চামিল হৈছে বি পি এফ আৰু ইউ পি পি এল দল৷ এই অশুভ শক্তিক পৰাভূত কৰাৰ বাবে কংগ্রেছ আৰু ইউ ডি এফে মিত্রতা স্থাপন কৰিছে আৰু উক্ত মিত্রতাৰ প্রার্থী হিচাপে শ্রীৰামপুৰ সমষ্টিত সজল কুমাৰ সিংহক প্রক্ষেপ কৰা হৈছে৷ মিত্রদলৰ এই প্রার্থীগৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ তেওঁ ৰাইজক অনুৰোধ জনায়৷ একেখন সভাত কংগ্রেছ দলৰ বিধায়নী দলৰ উপ–দলপতি তথা প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে কয়– কংগ্রেছ চৰকাৰে প্রৱর্তন কৰা খাদ্য সুৰক্ষাৰ চাউলক ‘মোদী’ৰ চাউল বুলি বিজেপিয়ে অপপ্রচাৰ চলাই সাধাৰণ মানুহক আভুৱা ভাঁৰি থকাৰ লগতে মহিলা সবলীকৰণৰ নামত পূর্বৰ চৰকাৰে প্রণয়ন কৰা বিভিন্ন আঁচনিক বিজেপিয়ে দলীয় স্বার্থত ব্যৱহাৰ কৰি আছে৷ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক তথা দলৰ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যই পৰিচালনা কৰা, উক্ত সভাত প্রার্থী সজল কুমাৰ সিংহ, বিধায়ক নজৰুল হক, ৱাজেদ আলী চৌধুৰীয়েও ৰাইজক উদ্দেশি মূল্যৱান ভাষণ আগবঢ়ায়৷ আনহাতে, বিটিচিৰ ২ নম্বৰ গুমা সমষ্টিত অনুৰূপ এখন জনসভাত উক্ত সমষ্টিৰ কংগ্রেছ প্রার্থী মমিনুৰ ইছলাম শ্বেখৰ সমর্থনত বদৰুদ্দিন আজমলে ভোট বিচাৰি ৰাইজৰ উদ্দেশি ভাষণ প্রদান কৰে৷