বাস্তৱায়িত হৈছে বিজেপি চৰকাৰৰ জাতি–মাটি–ভেটি ৰক্ষাৰ শ্লোগান
ঐতিহাসিক ৰাজকদমতলত অতিথিশালাৰ আধাৰশিলা ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ঐতিহাসিক ৰাজকদমতল পাণ্ডাৰ স্থানত আজি কৃষক–শ্বহীদ ভৱনটোৰ অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷ ১৮৯৪ চনতে ব্রিটিছৰ বিৰুদ্ধে সমগ্র নামনি অসমৰ কৃষকে পাইকাৰকুছিৰ সমীপৰ ৰাজকদমতলৰ পাণ্ডাৰ থানত লগ হৈ ৰণদুন্দুভি বজাইছিল৷ ঐতিহ্যপূর্ণ পাণ্ডাৰ থানত থকা শ্বহীদ ভৱন সংলগ্ণ অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বিধায়ক অশোক শর্মা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, জিলা বিজেপিৰ সম্পাদক নন্দলাল সৰকাৰ, দ্বীপেন কলিতা, বিজেপি নেতা দিলজিৎ বর্মন, ভ্রমৰ মজুমদাৰ, জিলা পৰিষদৰ সদস্য পংকজ ডেকা, বিশিষ্ট সমাজকর্মী নৃপেন্দ্র দাস আৰু পাণ্ডাৰ থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল৷ কৃতী শিক্ষক সুভাষ বর্মনে আঁত ধৰা সভাখনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰায়৷
তেওঁ কয়– ‘যিহেতু ২০২১ বর্ষৰ বিধানসভা নির্বাচনত বিজেপিৰ চৰকাৰ হোৱাটো খাটাং হৈ পৰিছে, তেনেস্থলত ৰাজ্যৰ চৌদিশে উন্নয়নৰ ধাৰা অব্যাহত থাকিব৷’ তেওঁ পুনৰ কয় যে বিজেপি চৰকাৰৰ জাতি–মাটি–ভেটি এটা শ্লোগান নহয়৷ এয়া বাস্তৱত পৰিণত হৈছে৷ প্রায় ১.৫০ লাখ মানুহক মাটিৰ পট্টা দিছে এই চৰকাৰখনে৷ ইফালে, গাঁৱৰ নামঘৰসমূহ হ’ল গাঁৱৰ ৰাইজৰ আধ্যাত্মিক আৰু সমাজ জীৱনৰ মূল কাঠামো৷ সেইবাবে নামঘৰ উন্নয়নৰ বাবে আর্থিক সাহায্য প্রদান কৰিছে ৰাজ্য চৰকাৰে৷ পৰৱর্তী সময়ত পুনৰ ১ লাখ নামঘৰ উন্নয়ন সমিতিক ২.৫০ লাখ টকাৰ সাহায্য আগবঢ়াব বিজেপি চৰকাৰে৷ ভাষণ প্রসংগত সভাপতি দাসে পৰৱর্তী পর্যায়ত ৰাজকদমতল পাণ্ডাৰ থানৰ অনুষ্ঠানটোলৈ অধিক বৰঙণি দিয়াৰ কথাও ঘোষণা কৰে৷ এই অতিথিশালা নির্মাণ হ’লে বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ ৰাইজৰ বহুদিনীয়া অভাৱ এটা পূৰণ হ’ব বুলিও মন্তব্য কৰে৷ মুখ্যমন্ত্রীৰ আনটাইড ফাণ্ডৰ পৰা আবণ্টিত ১০ লাখ টকাৰে নির্মাণ হ’বলগীয়া অতিথিশালাটো নির্মাণৰ বাবে শ্রীশ্রী হৰিমন্দিৰ সমিতি আৰু ৰাজকদমতল ৰাজহুৱা সভা মহোৎসৱ উদ্যাপন সমিতিয়ে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে৷