দুলীয়াজান সমষ্টিত বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনঃ ২৫০০ পৃষ্ঠাপ্ৰমুখৰ অংশগ্ৰহণ
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ১১৮নং দুলীয়াজান বিধানসভা সমষ্টিত কালি ২৫০০ পৃষ্ঠাপ্ৰমুখৰ সক্ৰিয় অংশগ্ৰহণত অনুষ্ঠিত হয় বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন। দুলীয়াজান মণ্ডল আৰু টেঙাখাট মণ্ডলৰ যৌথ উদ্যোগত ৰজাআলি চাহবাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সন্মিলনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য শান্তনু বৰপূজাৰী।
আনহাতে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, সমষ্টিৰ প্ৰভাৰী বিকুল ডেকা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী ফুকন শ্যাম আদি দলীয় নেতৃবৃন্দৰ উপস্হিতিত অনুষ্ঠিত উক্ত সভাত সমাগত বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰে ১০০ প্লাছ আসনৰ লক্ষ্যৰে প্ৰস্তুত কৰা কাম-কাজৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে তৃণমূল পৰ্যায়ত পৃষ্ঠাপ্ৰমুখসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কেও সাংগঠনিকভাৱে পৰ্যালোচনা কৰা হয়।
দুলীয়াজান মণ্ডলৰ সভাপতি সুদৰ্শন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দুলীয়াজান আৰু টেঙাখাট মণ্ডলৰ প্ৰায় ৪৫ টা শক্তিকেন্দ্ৰ আৰু ২০০ টা বুথ কেন্দ্ৰৰ প্ৰায় ২৫০০ পৃষ্ঠাপ্ৰমুখে অংশগ্ৰহণ কৰে ।
পৃষ্ঠাপ্ৰমুখ সন্মিলনখনিত উপস্থিত থাকে বিজেপি ৰাজ্যিক পৰিষদৰ সদস্য প্ৰেম বাহাদুৰ ছেত্ৰী, জিলা সমিতিৰ সম্পাদক প্ৰীতম হাজৰিকা, দুলীয়াজান মণ্ডলৰ সাঃ সম্পাদকদ্বয় হেমৰাজ শৰ্মা, শান্তনু তামুলী, টেঙাখাট মণ্ডলৰ সভাপতি প্ৰিয়নাথ চেতিয়া, সাঃ সম্পাদকদ্বয় দীপক সোণোৱাল, পৰিমল জীৱন বাৰ্লা, দুলীয়াজান সমষ্টিৰ বিস্তাৰক পলাশ গগৈ, যুৱ মৰ্চাৰ সভাপতি জগজীৱন ৰাজকোঁৱৰ, ডিব্ৰুগড় জিলা পৰিষদৰ সমূহ সদস্য, পঞ্চায়ত সভাপতি, কাউঞ্চিলাৰ, ৱাৰ্ড মেম্বাৰ, সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলৰ লগতে অন্যান্য দলীয় কাৰ্যকৰ্তাসকল।