মিত্রদলক কমলপুৰ সমষ্টি এৰি নিদিয়াৰ সংকল্প বিজেপি কার্যকর্তাৰ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ভাৰতীয় জনতা পার্টীক জাতিৰ শত্রু আখ্যা দিয়ে৷ কিন্তু প্রকৃত অসমীয়া জাতিৰ শত্রু কংগ্রেছ দলৰ হৈ কাম কৰি আছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে৷ শুকুৰবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তর্গত দগাঁৱত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এই মন্তব্য কৰে৷ কমলপুৰ সমষ্টিৰ বিজেপি দলৰ পৃষ্ঠাপ্রমুখ সন্মিলনত অংশগ্রহণ কৰি সাংসদগৰাকীয়ে কংগ্রেছ নেতা গৌৰৱ গগৈকো কঠোৰ ভাষাৰে সমালোচনা কৰে৷ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ অত্যাচাৰী চৰকাৰ বুলি কৰা মন্তব্যক উভতি ধৰি সাংসদ দিলীপ শইকীয়াই কয় যে বিদেশত থাকি ডাঙৰ–দীঘল হোৱা গৌৰৱ গগৈয়ে কংগ্রেছ চৰকাৰ কিমান অত্যাচাৰী আছিল সেই ইতিহাস নাজানে৷
অসম আন্দোলনৰ সময়ত কংগ্রেছ চৰকাৰ কিমান অত্যাচাৰী সেয়া গৌৰব গগৈয়ে অধ্যয়ন কৰা উচিত বুলিও সাংসদ শইকীয়াই কটাক্ষ কৰে৷ অগপৰ দখলত থকা কমলপুৰ সমষ্টিত বিজেপিৰ এই পৃষ্ঠাপ্রমুখ সন্মিলনত কমলপুৰ বিজেপিয়ে বিজয় উৎসৱ সদৃশ পৰিস্থিতি সৃষ্টি কৰে৷ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াসহ কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰে৷ সাংসদ শইকীয়াই এইবাৰ কমলপুৰ সমষ্টিত ভূমিকম্প হ’ব বুলিও প্রকাশ কৰে৷ তেওঁ কয় যে কমলপুৰ সমষ্টিৰ বিজেপিৰ কার্যকর্তাসকলে এইবাৰ সমষ্টিটো কোনো কাৰণতে এৰি নিদিয়ে৷ আনহাতে, পৰৱর্তী সময়ত চৰকাৰী আঁচনি ৰূপায়ণৰ বাবে হিতাধিকাৰী পৃষ্ঠাপ্রমুখসকলে নির্বাচন কৰিব বুলিও মত আগবঢ়ায় সাংসদগৰাকীয়ে ৷ বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক দিগন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটোত বিজেপি নেতা বেণুধৰ নাথ, হূদয় দাস, লক্ষ্মী গোস্বামী, মনোজ শর্মা, উমেশ ডেকা, কুমুদ কাকতি, হেমন্ত বৰাকে ধৰি ভালেসংখ্যক নেতা–কর্মী উপস্থিত থাকে৷