নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজিআৰত ৬২ সংখ্যক ইণ্ডিয়ান অইল দিৱস পালনঃ উদীয়মান খেলুৱৈক সম্বৰ্দ্ধনা জ্ঞাপন

নিয়মীয়া বাৰ্তা,৩ ছেপ্টেম্বৰ: ভাৰতীয় তেল নিগমৰ অধিনস্থ দেশৰ অন্যান্য শোধনাগাৰ সমূহৰ লগতে বঙাইগাঁও শোধনাগাৰ চমুকৈ বিজিআৰতো ৬২ সংখ্যক ইণ্ডিয়ান অইল দিৱস পালন কৰা হয়। শোধনাগাৰৰ সূত্ৰই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে ১ ছেপ্টেম্বৰত শোধনাগাৰৰ ইভেন্ট হলত ক’ভিড প্ৰটোকল মানি অনুষ্টুপীয়াকৈ এই দিৱস পালন কৰা হয়। দিৱসৰ কাৰ্যসূচী অনুসৰি প্ৰথমে ইণ্ডিয়ান অইল সংগীত পৰিৱেশন কৰা হয়। তাৰ পাছতে শপত গ্ৰহণ অনুষ্ঠানত বিজিআৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱাই ভাৰতীয় তেল নিগমৰ শপত বাক্য পাঠ কৰোৱায়।

ভাৰতীয় তেল নিগমৰ অধ্যক্ষ আৰু শোধনাগাৰ সমূহৰ সঞ্চালকৰ শুভেচ্ছা বাণী পাঠ কৰে ক্ৰমে বিজিআৰৰ মুখ্য মহা প্ৰৱন্ধক (টি এছ,এইচ এছ  এণ্ড ই) এছ বি লহকৰ আৰু মুখ্য মহা প্ৰৱন্ধক (টেকনিকেল) জে জে দাসে। ৬২ সংখ্যক ভাৰতীয় তেল নিগম দিৱস উদযাপন উপলক্ষ্যে প্ৰদান কৰা নিজৰ ভাষণত বিজিআৰৰ ই ডি এণ্ড ৰিফাইনাৰী হেড এছ পি বৰুৱাই শোধনাগাৰটোৰ প্ৰতিজন কৰ্মচাৰীক দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে আৰু শোধনাগাৰৰ প্ৰতি আগবঢ়োৱা তেওঁলোকৰ সেৱাৰ বাবে শলাগ লয়। সেইদিনাৰ অনুষ্ঠানত আসাম প্ৰডাক্টটিভিটি কাউন্সিল কনফাৰেড আয়োজিত ‘শ্ৰম বীৰ প্ৰডাক্টটিভিটি এণ্ড ইনোভেচন এৱাৰ্ড-২০-২১’ বিজয়ী অংকুৰ গগৈ(Jr.QCA) আৰু ৰাণাৰ্ছ আপ যগেন গগৈ (Sr.Engg)ক বঁটা প্ৰদান কৰে।

একেটা অনুষ্ঠানত বিজিআৰৰ কাৰ্যবাহী সঞ্চালক আৰু মুখ্য মহা প্ৰৱন্ধক সকলে অন্যান্য ১০ বিষয়া কৰ্মচাৰীকো তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে বঁটা প্ৰদান কৰে। ৬২ সংখ্যক ভাৰতীয় তেল নিগম দিৱস উদযাপন উপলক্ষ্যে শোধনাগাৰৰ কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া উৎসৱ তথা অন্যান্য ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰ্ছাৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা উদীয়মান খেলুৱৈ প্ৰডাকচন বৰগয়াৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে আৰু ১০,০০০(দহ হাজাৰ) টকাৰ চেক প্ৰদান কৰে। শোধনাগাৰৰ ইভেন্ট হলত অতি কম সংখ্যক উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত ইণ্ডিয়ান অইল অফিচাৰ্চ এছোচিয়েছন বিজিআৰৰ সাধাৰণ সম্পাদক এম চি গোস্বামী, বিজিআৰ ই ইউৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসেও ভাষণ প্ৰদান কৰি কৰ্মচাৰী সকলক দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে। শোধনাগাৰৰ অন্যান্য বিষয়া-কৰ্মচাৰী সকলে ভাৰ্ছুৱেলী অনুষ্ঠানত অংশগ্ৰহন কৰে।।

You might also like