নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজিআৰত ই-শ্ৰম পোৰ্টেল সম্পৰ্কে সজাগতা শিবিৰঃ উপ মুখ্য শ্ৰম আয়ুক্তৰ অংশগ্ৰহণ 

নিয়মীয়া বাৰ্তা,৬ নৱেম্বৰ: চিৰাং জিলাৰ ঢালিগাঁৱত অলপতে ই-শ্ৰম পোৰ্টেল সম্পৰ্কে এক সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়। বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সংঘৰ স্থায়ী কাৰ্যালয়ৰ সভা কক্ষত দুদিনীয়াকৈ অনুষ্ঠিত শিবিৰত ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ উপ মুখ্য শ্ৰম আয়ুক্ত (চেন্ট্ৰেল) গুৱাহাটী, সুভাষ কুমাৰ ৰয় আৰু সহকাৰী শ্ৰম আয়ুক্ত (চেন্ট্ৰেল) গুৱাহাটী, এছ কে চাকমা উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰে অ সংগঠিত খণ্ডৰ শ্ৰমিক সকলৰ সুবিধাৰ্থে মুকলি কৰা ই-শ্ৰম পোৰ্টেলত নিজৰ নাম সমূহ পঞ্জীয়ন কৰি কি কি সুবিধা লাভ কৰিব পাৰি, সেই বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে বঙাইগাঁও শোধনাগাৰৰ সহযোগত অনুষ্ঠিত কৰা দুদিনীয়া সজাগতা শিবিৰ শতাধিক শ্ৰমিকে অংশগ্ৰহণ কৰাৰ উপৰি নিজৰ নিজৰ নাম সমূহ পঞ্জীয়ন কৰে।

উপ মুখ্য শ্ৰম আয়ুক্ত (চেন্ট্ৰেল) গুৱাহাটী সুভাষ কুমাৰ ৰয়ে পোৰ্টেলটোত নিজৰ নাম সমূহ পঞ্জীয়ন কৰাৰ পাছত প্ৰতিজনক একোখন ই-শ্ৰম কাৰ্ড প্ৰদান কৰা হয় বুলি শ্ৰমিক সকলক অবগত কৰে। সমগ্ৰ ভাৰতবৰ্ষত মান্যতা প্ৰাপ্ত উক্ত কাৰ্ডত পঞ্জীয়নভুক্ত শ্ৰমিক জনে এটা পঞ্জীয়ন নম্বৰ লাভ কৰিব। সেই নম্বৰৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক সকলক প্ৰদান কৰা সকলো চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলিও ব্যাখ্যা আগবঢ়ায়। শিবিৰৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী তথা পঞ্জীয়ন কৰা শ্ৰমিক সকলক উপ মুখ্য শ্ৰম আয়ুক্তই ই-শ্ৰম কাৰ্ড প্ৰদান কৰে। সামৰণি অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ মহা প্ৰৱন্ধক (ভাৰপ্ৰাপ্ত) এইচ আৰ জৰ্জ ইছোৱাৰী, মহা প্ৰৱন্ধক (এইচ আৰ) চন্দ্ৰিমা শৰ্মা, উপ মহা প্ৰৱন্ধক (এ এণ্ড ডব্লিউ) দেৱজিৎ বৰুৱা আৰু সহকাৰী প্ৰৱন্ধক (ই আৰ) তৰুণ কুমাৰ সিং উপস্থিত থাকে।

You might also like