ঢকুৱাখনা লায়ন্স ক্লাবৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদান শিবিৰ
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ ১ অক্টোবৰ ৰাষ্ট্ৰীয় ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি ধেমাজি অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত আৰু লায়ন্স ক্লাব ঢকুৱাখনাৰ উদ্যোগত আজি স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায় ৷
ঢকুৱাখনা চাৰিআলিস্থিত ধৰমশালাত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত স্বেচ্ছামূলক ৰক্তদান শিবিৰ উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশে৷
লায়ন্স ক্লাব ঢকুৱাখনাৰ সদস্য ৰাজু চুতীয়াই আঁত ধৰা ৰক্তদান সভাত ধেমাজি অসামৰিক চিকিৎসালয়ৰ বিপুল ৰংহাং, ষ্টাফ নাৰ্ছ পূৰৱী গগৈ, ঢকুৱাখনা মহকুমা স্বাস্থ্য বিষয়া ললিত শইকীয়া, জ্যেষ্ঠ নাগৰিক কুশল গগৈ, লায়ন্স ক্লাব ঢকুৱাখনাৰ সভাপতি অমল কৃষ্ণ দত্ত, সম্পাক দেৱাংগ গগৈৰ লগতে সমূহ বিষয়ববীয়া, ঢকুৱাখনা ব্যৱসায় সন্থা উপস্থিত থাকে৷ আজি ৰক্তদান শিবিৰত ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ ৪০গৰাকী দাতাই স্বেচ্ছামূলক ৰক্তদান কৰে।