নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বৰলুইতত নাও দুৰ্ঘটনা : সন্ধানহীন ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত আজি ধুবুৰীৰ বৰলুইতৰ সংঘটিত এক ভয়াৱহ নাও দুৰ্ঘটনাই সংঘটিত হোৱা নাও দূৰ্ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আয়ৰণ জমলা প্ৰথম খণ্ড অঞ্চলৰ সমীপৰ নিৰ্মীয়মাণ ধুবুৰী–ফুলবাৰী দলংখনৰ কাষত লুইতত হোৱা নাও দুৰ্ঘটনাটোত বৰ্তমানলৈ সন্ধানহীন হৈ আছে ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস। আজিৰ সেই দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰিছে চক্ৰ বিষয়াৰ কাৰ্য্যালয়টোৰ লাট মণ্ডল নমেজ উদ্দিন আৰু ফিল্ড অফিচাৰ পিটাৰ শ্বাহ। স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় দুয়ো। দুৰ্ঘটনাগ্ৰস্ত হোৱা নাওখনত থকা তথা লাট মণ্ডল নমেজ উদ্দিনৰ ভাষ্য অনুসৰি আজি চক্ৰ বিষয়াৰে সৈতে তেওঁলোকৰ তিনিজনীয়া দলটোকে ধৰি অঞ্চলটোৰ জিলা পৰিষদৰ সদস্যা বেগী বেগমসহ আজি পুৱা মতিৰচৰৰ পৰা বৰলুইতৰ সিপাৰে থকা আমিনেৰ চৰ নামৰ এটা চৰাঞ্চলত নৈখনে চলাই থকা গৰাখহনীয়াৰ চৰজমিন তদন্ত চলাবলৈ গৈছিল। যোৱাৰ সময়ত দলটোৱে নিৰ্মীয়মাণ ধুবুৰী ফুলবাৰী দলঙৰ সমীপত চৰকাৰী বাহনখন থা নিৰ্মাণকাৰী সংস্থা এল এণ্ডে নিৰ্মাণ কৰা এখন অস্থায়ী দলং এখনেৰে ই–ৰিক্সাৰে গন্তৱ্যস্থললৈ গৈছিল। লাটমণ্ডলগৰাকীৰ ভাষ্য অনুসৰি ওভোতাৰ সময়ত এলএণ্ডটিৰ কৰ্মচাৰীয়ে যোৱাৰ সময়ত ব্যৱহাৰ কৰা নিৰ্মাণকাৰী সংস্থাটোৰ সেই অস্থায়ী দলংখনেৰে আহিবলৈ বাধা দিয়ে। আনকি চক্ৰ বিষয়া দাসে নিজকে কাৰ্য্যবাহী দণ্ডাধীশ বুলি পৰিচয় দিয়াৰ পিছতো তেওঁলোকক আহিবলৈ বাধা দিয়া হোৱা বুলিও সাংবাদিকৰ সন্মুখত দাবী কৰিছে নমেজ উদ্দিনৰ। তেতিয়া উপায়হীন হৈ তেওঁলোকে আনুমানিক দিনৰ ১০/১০–৩০ বজাত আমিনৰ চৰৰ পৰা এখন ভুটভুটিৰে আহিবলৈ লয় আৰু নৈৰ পানীত বুৰ গৈ থকা অৱস্থাত থকা ধুবুৰী–ফুলবাৰী দলঙৰ এটি খুঁটাত খুন্দা খাই আদবাটতে সেইখন লুইতত বুৰ যায়। ঘটনাটোৱে পাৰৰ দুই কাষে থকা প্ৰত্যক্ষদৰ্শীৰ মাজত হুৱাদুৱা লাগে আৰু স্থানীয় ৰাইজৰ তৎপৰতাত ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ লাটমণ্ডল, ফিল্ড অফিচাৰ, ধুবুৰী জিলা পৰিষদৰ সদস্যা বেবী বেগম আৰু তেখেতৰ স্বামীসহ কেইবাগৰাকী ব্যক্তিৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও চক্ৰ বিষয়া সঞ্জু দাস বৰ্তমানলৈ নিৰূদ্দেশ অৱস্থাতো আছে। ইপিনে দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ কিমান গৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে তাৰ নিশ্চিত তথ্য পোৱা যোৱা নাই যদিও ধুবুৰী জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প সঞ্চালক মুফাজ্জল আলী সৰকাৰে (এই বাতৰি পঠিওৱা লৈ) ১০/১২গৰাকী যাত্ৰীক উদ্ধাৰ হোৱা বুলি সদৰী কৰিছে। ইপিনে প্ৰায় দহ বছৰ পূৰ্বে ৰাজ্য কঁপাই যোৱা মেদেৰটাৰীৰ সেই শোকাৱহ নাও দুৰ্ঘটনাটোৰ অনুৰূপে আজি দুৰ্ঘটনাত পতিত হোৱা সেই নাওখনত থকা প্ৰকৃত যাত্ৰীসংখ্যাক লৈও সৃষ্টি হৈছে বিভ্ৰান্তিৰ। নাওখনত থকা তথা কথমপি প্ৰাণ ৰক্ষা পৰা লাটমণ্ডল নমেজ উদ্দিনৰ ভাষ্য অনুসৰি নাওখনত স্কুলীয়া ছাত্ৰ–ছাত্ৰীকে ধৰি আনুমানিক ৭০গৰাকীমান যাত্ৰী আছিল। আনহাতে, ধুবুৰী জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প সঞ্চালকগৰাকীয়ে পাৰত থকা চক্ৰ বিষয়াৰ চৰকাৰী বাহনখনৰ চালকৰ উদ্ধৃতি দি নাওখনত ২৫গৰাকীমান যাত্ৰী থকা বুলি দাৱী কৰিছে। ইপিনে দুৰ্ঘটনাটোত সন্ধানহীন হৈ থকা লোকসকলৰ অঞ্চলটোৰ বৰলুইতত আধুনিক সা–সজুলিৰে এছডিআৰএফ বাহিনীৰ অভিযান অব্যাহত আছে আৰু ইতিমধ্যে দলটোৱে দুৰ্ঘটনাত পতিত হোৱা নাওখন উদ্ধাৰ কৰিছে। উদ্ধাৰ অভিযান চলাবলৈ এনডিআৰএফ বাহিনীৰ দলো বঙাইগাঁও, গোৱালপাৰা, গুৱাহাটী আদিৰ পৰা ধুবুৰীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। ইপিনে দুৰ্ঘটনাটোৰ বাতৰি পোৱাৰ পিছ মুহূৰ্ততে জিলা উপায়ুক্ত অন্বামুথন এম পি, ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱে ধৰি প্ৰশাসন আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াবৰ্গই ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰকী কৰি থকা দেখা গৈছে। ইপিনে আজিৰ সেই নাওঁ দূৰ্ঘটনাটোৰ পিছত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা স্বত্বেও যে ধুবুৰীৰ বিভিন্ন চৰাঞ্চলৰ পৰা মেৰাইন অথৱা ডাবল ইঞ্জিন নথকা যাত্ৰীবাহী ভুটভুটী চলি আছে সেয়াও উদঙাই দিয়া বুলিও উচ্চাৰিত হৈছে। উল্লেখ্য যে মাথোঁ কেইমাহমান পূৰ্বে ধুবুৰীৰ চক্ৰ বিষয়াৰ দায়িত্ব লভি অমায়িক আৰু কৰ্মঠ বুলি ৰাইজৰ সুনাম বুটলা সন্ধানহীন হৈ থকা সঞ্জু দাসৰ প্ৰকৃত ঘৰ শিলচৰত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like