চাৰি দিনৰ পিছতো উদ্ধাৰ হোৱা নাই সত্যজিৎ বৰাৰ মৃতদেহ
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ আজি চাৰি দিন অতিক্ৰম কৰাৰ পাছতো উদ্ধাৰ হোৱা নাই চিমেন নদীত গা-ধুবলৈ গৈ সলিল সমাধি ঘটা ছাত্ৰ সত্যজিৎ বৰাৰ মৃতদেহ।
স্বাধীনতা দিৱসৰ দিনা ফুটবল খেলি চিমেন নদীৰ পাৰত প্ৰীতিভোজ খোৱাৰ আগমুহূৰ্তত লগৰীয়াৰ সৈতে চিমেন নদীত গা ধুবলৈ গৈছিল চিমেন চাপৰি মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ তথা চেঙাজান মাজৰবাৰীৰ মাজগাঁও অসমীয়া গাঁৱৰ হেমচন্দ্ৰ বৰাৰ পুত্ৰ সত্যজিৎ বৰাই।
নদীত সাঁতুৰি থকা অৱস্থাতে সোঁতে উটুৱাই নিয়ে ছাত্ৰগৰাকীক। স্বাধীনতা দিৱসৰ দিনা দুপৰীয়া ১২.৩০ বজাত ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই স্থানীয় ৰাইজৰ লগতে যোৱা কালি সন্ধিয়ালৈকে এছডিআৰএফৰ ডুবাৰু জোৱানে তিনি দিন ধৰি চিমেন নদীৰ বিভিন্ন স্থানত মৃতদেহ উদ্ধাৰ অভিযান চলাই যদিও আজিলৈকে কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।
ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ নোহোৱাৰ ফলত পৰিয়ালৰ লগতে অঞ্চলৰ মাজত অদ্যাপি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।