বগৰীবাৰীৰ মাকৰিঝোৰাত ভয়ংকৰ দুর্ঘটনাত কিশোৰসহ থিতাতে নিহত ৬, আহত ২৫
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তর্গত ছাতাগুৰিৰ সমীপৱর্তী মাকৰিঝোৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত আজি সংঘটিত এক ভয়ংকৰ পথ দুর্ঘটনাত এটি কিশোৰসহ ছয়জনকৈ লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় আন ২৫জন৷ পুৱা প্রায় ১০.৩০ বজাত এখন যাত্রীবাহী বাছ আৰু এখন মালবাহী ট্রাকৰ মাজত মুখামুখি সংঘর্ষৰ ফলত হোৱা এই দুর্ঘটনাটোক কেন্দ্র কৰি অঞ্চলটোত মুহূর্ততে হুৱাদুৱা লাগে৷ দুর্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় অগণন লোক ঘটনাস্থলীত উপস্থিত হৈ যাত্রীবাহী বাছখনৰ ভিতৰত আবদ্ধ লোকসকলক কোনোমতে উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ ঘটনাৰ বিৱৰণী অনুসৰি সাপটগ্রামৰ নিকটৱর্তী তুলসীবাৰীৰ পৰা ধুবুৰী অভিমুখী এ এছ–১৬ চি–১৮৭৫ নম্বৰৰ যাত্রীবাহী বাছখনৰে বিপৰীত দিশৰ ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী এ এছ–১৭ চি–৩০৭৩ নম্বৰৰ তীব্রবেগী মালবাহী ট্রাকখনৰ মুখামুখি সংঘর্ষ হয়৷ ঘটনাস্থলীতে দুয়োখন বাহনৰ চালক দুজনসহ মুঠ ৬জন লোক নিহত হয়৷ ভয়ংকৰ পথ দুর্ঘটনাত নিহত হোৱাসকলক ছাত্তাৰ আলী (৪৫), সন্দেশ আলী (৩৫), ৰফিজুল শ্বেখ (৩৩), বাছিদুল ইছলাম (১২), সদেৰ কাজি (৫৫) আৰু আব্বাছ আলী (১৮) বুলি চিনাক্ত কৰা হৈছে৷ দুর্ঘটনাত আহতসকলৰ কেইবাজনৰো অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে৷ গুৰুতৰভাৱে আহতসকলক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ বাকীসকলক চিকিৎসাধীন কৰা হৈছে ধুবুৰী অসামৰিক চিকিৎসালয়ত৷ ভয়ংকৰ দুর্ঘটনাটোত মুহূর্ততে মৃত্যু উপত্যকালৈ পর্যবসিত কৰা ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ মাকৰিঝোৰাত তীব্র যান–জঁট হয়৷ কেইবাঘণ্টা ধৰি ৰাষ্ট্রীয় ঘাইপথৰ দুয়োদিশে বহুসংখ্যক যান–বাহন আবদ্ধ হৈ পৰে৷ অৱশ্যে পাছত প্রশাসনে দুর্ঘটনাগ্রস্ত বাহন দুখন ৰাষ্ট্রীয় ঘাইপথটোৰ পৰা আঁতৰাই নিয়াত যান–বাহনৰ চলাচল সুচল হয়৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি দ্রুতগতিত যান–বাহনৰ চলাচলৰ ফলত মাকৰিঝোৰাৰ ৰাষ্ট্রীয় ঘাইপথছোৱাত প্রায় দুর্ঘটনা সংঘটিত হৈ আহিছে৷ এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণৰ বাবে স্থানীয় লোকসকলে সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনাইছে৷ ইফালে প্রত্যক্ষদর্শী একাংশই প্রকাশ কৰা অনুসৰি এখন চাৰিচকীয়া বাহন হঠাতে সন্মুখলৈ অহাৰ পৰিপ্রেক্ষিতত যাত্রীবাহী বাছখনে বিপৰীত দিশৰ পৰা আহি থকা মালবাহী ট্রাকখনত খুন্দা মাৰে৷ ফলত এই ভয়ংকৰ পথ দুর্ঘটনাটো সংঘটিত হয়৷
মুখ্যমন্ত্রী সোণোৱালৰ শোক
মাকৰিঝোৰাৰ ৰাষ্ট্রীয় ঘাইপথত আজি সংঘটিত শোকাৱহ দুর্ঘটনাটোত নিহত হোৱাসকলৰ প্রতি গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত মুখ্যমন্ত্রী সোণোৱালে কয় যে দুর্ঘটনাত অকালতে প্রাণ হেৰুৱাব লগা হোৱা ঘটনা অত্যন্ত দুর্ভাগ্যজনক আৰু মর্মান্তিক৷ দুর্ঘটনাটোত নিহত হোৱা ব্যক্তিসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে তেওঁ ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মুখ্যমন্ত্রী সোণোৱালে জিলা প্রশাসনক আহত হোৱাসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে৷