নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত ছশৰো অধিক পৰিয়ালৰ বি.জে.পিত যোগদান,আৰম্ভ নিৰ্বাচনী কুচকাৱাজ

 নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানটো আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ।ইতিমধ্যে বি.জে.পি(BJP), কংগ্ৰেছ(Congress), এ.এছ.ডি.চি(ASDC), এ.পি.এইছ.এল.চি(APHLC) আদি দলে বোকাজান বিধানসভা সমষ্টিত আৰম্ভ কৰিছে দলীয় কাম কাজ।প্ৰতিটো দলেই প্ৰাথমিক পৰ্য্যায়ৰ পৰা বিধানসভা পৰ্য্যায়লৈ গঠন কৰিছে নতুন সমিতি।অৱশ্যে আনকেইটা দলতকৈ এইক্ষেত্ৰত বহুদূৰ আগুৱাই আছে শাসনাধিস্থ বি.জে.পি দল।এসময়ত এই সমষ্টিটোৰ অন্যতম শক্তিশালী দল হিচাপে চিহ্নিত কংগ্ৰেছ দলেও দলটোক পুনৰ উজীৱিত কৰাৰ চেষ্টা কৰিছে যদিও বোকাজান বিধানসভা সমষ্টিটোত দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়া নেতাৰ অভাৱ পৰিলক্ষিত হৈছে।দলটোক ক্ষতি কৰা লবি কেন্দ্ৰিক ৰাজনীতি এতিয়াও বিদ্যমান পাহাৰীয়া জিলাখনত।আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাক্তন বিধায়ক ক্লেঙডুন ইংতি,প্ৰাক্তন ইও.পি.ডি.এছ(UPDS) নেতা তথা প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য্য ৰংফাৰ, ৰতন ইংতি আদি টিকটৰ দাবীদাৰ যদিও ক্লেঙডুন ইংতিয়েই শেষ হাঁহি মৰাৰ সম্ভাৱনাই অধিক। এ.এছ.ডি.চি দলৰ পৰা প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন ৰংপিয়ে সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।আনহাতে এ.পি.এইছ.এল.চি দলেও বোকাজান সমষ্টিটোত প্ৰাৰ্থীত্ব দিয়াৰ বাবে অব্যাহত ৰাখিছে দলীয় কামকাজ। এইক্ষেত্ৰত এক শক্তিশালী স্থিতিত আছে বিজেপি দল।ইতিমধ্যেই সুচিকিৎসক তথা গুৱাহাটী মেডিকেল কলেজৰ সহকাৰী শিক্ষকৰ(assosiate professor) দৰে সন্মানীয় চাকৰি এৰি থৈ ৰাজনীতিলৈ অহা ডাঃ নোমল মমিন  এই সমষ্টিৰ পৰা ২০১৬ চনত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ বিগত চাৰেচাৰি বছৰত সমষ্টিটোত কৰি অহা বিভিন্ন উন্নয়নমূলক কামে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক যে সুযোগ প্ৰদান কৰিব হয় নিশ্চিত।আগন্তক নিৰ্বাচনৰ বাবে বিজেপি দলৰ পৰাও বোকাজান বিধানসভা সমষ্টিৰ বাবে প্ৰাক্তন তিনিটা কাৰ্যকালৰ বিধায়ক তথা বৰ্তমান কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্য জগত সিং ইংতি,পৰিষদীয় সদস্য ৰিচাৰ্ড টকবি তথা বৰ্তমানৰ জনপ্ৰিয় বিধায়ক ডাঃ নোমল মমিনে প্ৰাৰ্থীত্ব বিচৰাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত আগবাঢ়ি আছে বৰ্তমানৰ বিধায়ক ডাঃ নোমল মমিন।যোৱা মঙ্গলবাৰে সমষ্টিটোৰ এক দুৰ্গম এলেকা নিলিপৰ কয়লামাটি,পাংতি ক্ৰ গাওঁ আৰু পানজান অঞ্চলৰ প্ৰায় ছশটাতকৈ(600) অধিক কংগ্ৰেছ, এ.এছ.ডি.চি ৰ দলৰ পৰিয়ালে  বিধায়ক নোমল মমিন,পৰিষদীয় সদস্য পবিত্ৰ ৰংপি সন্মুখত বিজেপি দলত যোগদান কৰে।আনহাতে আগন্তুক সময়ত বিগত চাৰে চাৰি বছৰত সমষ্টিত হোৱা উন্নয়নমূলক কামৰ বাবেই সমষ্টিটোৰ  আৰু বহু লোকেই বিজেপি দলত যোগদান কৰিব আৰু আগন্তুক বিধানসভা নিৰ্বাচনত দলে যি জন ব্যক্তিকে প্ৰাৰ্থীত্ব প্ৰদান কৰে তেওঁ বিশৰ পৰা পঁচিছ হাজাৰ ভোটৰ ব্যৱধানত সমষ্টিটোৰ পৰা অনায়াসে জয়ী হব বুলি কয় বৰ্তমানৰ বিধায়ক ডাঃ নোমল মমিনে।
You might also like