বোকাজান নগৰৰ শোচনীয় বাট পথে চৰম জীয়াটু ভোগাইছে নগৰ বাসীক; আজি পৰ্যন্ত নাই খোৱাপানীৰ সুব্যৱস্থা
নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ সভ্যতাই চৰম শিখৰত আৰোহণ কৰাৰ সময়তো আজিকোপতি বাট পথৰ উন্নয়ন নহল পাহাৰীয়া জিলা কাৰ্বিআংলংৰ বোকাজান নগৰৰ । কি কংগ্ৰেছ কি বি জে পি কি অঞ্চলিক দল কোনো এখন চৰকাৰৰ কায্য কালতেই বোকাজান নগৰৰ বাট পথ কেইটা আজি পৰ্যন্ত যাতায়তৰ সূচল হৈ নুঠিল। ৭ টা ৱাৰ্ডেৰে গঠিত বোকাজান নগৰখন নামতহে এখন নগৰ । সুবিধাৰ নামত একো নাই।নগৰখনৰ আবাসী হোৱাৰ বাবে দিব লগীয়া কৰ দি থকাৰ পাছতো নগৰখনত নাই এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা।আজিও নগৰখনৰ বহুকেইটা পথত একাঠু পৰ্যন্ত বোকা ।
নগৰখনৰ কেইবাটাও ৱাৰ্ডৰ বহুকেইটা পথ এতিয়া গো বাটলৈ পৰ্যবসিত হৈছে। জোতা চেণ্ডেল পিন্ধি বোকাজান নগৰৰ এইকেইটা পথত খোজ কঢ়াতো দূৰৈৰে কথা আঁঠুলৈকে মেখেলা পেন্ট কোঁচাই দৈনিক অহা যোৱা কৰিবলগীয়া হয় ইয়াৰ লোকসকলে । স্কুল কলেজ অফিচ কাছাৰীলৈ অহা যোৱা কৰা ছাত্র ছাত্ৰী আৰু কৰ্মচাৰী সকলে আজি দীৰ্ঘ বছৰে হাতত জোতা চেণ্ডেল লৈহে এই পথেৰে অহা যোৱা কৰে। বাৰিষাৰ সময়ছোৱাত ভূঁই ৰোৱা পথাৰলৈ পৰ্যবসিত হোৱা বোকাজান নগৰৰ এই পথ কেইটাই ৰাইজক কি যমৰ যন্ত্ৰণা ভোগাই আহিছে সেইয়া ভুক্তভোগীয়েহে বুজিব। বোকাজানত বিধায়কৰ কায্যকাল চাৰি বছৰ সম্পূৰ্ণ হল ,কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ পৰিষদিয় সদস্য তথা কাৰ্যবাঁহী সদস্যৰ কায্য কাল তিনি বছৰ সম্পূৰ্ণ হল আৰু বোকাজান পৌৰাসভাৰ নৱ নিৰ্বাচিত সমিতিৰ বিষয়ববীয়া সকলেও দায়িত্বভাৰ লোৱা আজি এটা বছৰ পাৰ হৈ যোৱাৰ পাছতো,বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰটো দূৰৰে কথা নগৰ খনৰ বাট পথ কেইটা যাতায়তৰ বাবে সুচল নোহোৱাত বোকাজানৰ সচেতন ৰাইজে আচৰ্য প্ৰকাশ কৰিছে। আধুনিক ভাৰত গঢ়াৰ সপোন দেখা দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক কিন্তু বোকাজান নগৰৰ এই কেইটা বাট পথে বৰ বেয়াকৈ উপলোঙাহে কৰিছে। অৱশ্যে এই ক্ষেত্ৰত স্থানীয় ৰাইজৰো সচেতনতাৰো অভাৱ পৰিলক্ষিত হয়।
পথৰ কাষতে থকা পকী নলা কেইটাত প্লাষ্টিক পলিথিন আৱৰ্জনা তথা পেলনীয়া সামগ্ৰী পেলাই পুতি পেলোৱাত পানী প্ৰবাহৰ ক্ষমতা পকী নলা কেইটাই ইতিমধ্যে হেৰুৱাই পেলাইছে। বোকাজান নগৰৰ এই শোচনীয় বাট পথ কেইটাৰ নিৰ্মান সম্পৰ্কত এই প্ৰতিবেদকে বোকাজান পৌৰ সভাৰ পৌৰপতিৰ পৰা জানিব বিচৰাত তেওঁ শীঘ্ৰে নিৰ্মাণৰ আশ্রষ প্ৰদান কৰিছে যদিও সেইয়া অৱশ্যে সময়তহে পৰিলক্ষিত হব।