বকোত কর্মী সন্মিলনত ৰণডংকা অগপৰ
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ অসম গণ পৰিষদৰ বকো বিধান পৰিষদৰ উদ্যোগত বুধবাৰে কামৰূপ জিলাৰ বকোৰ ছমৰীয়া ৰাম সৰস্বতী খেলপথাৰত বিশাল কর্মী সন্মিলন অনুষ্ঠিত হয়৷ অসম গণ পৰিষদৰ বকো বিধান পৰিষদৰ বিশাল কর্মী সন্মিলনত পৌৰোহিত্য কৰে কো বিধান পৰিষদৰ সভাপতি পৰাণজ্যোতি দাসে৷ কেইবাসহস্র অসম গণ পৰিষদৰ ভোটাৰ উপস্থিত থকা কর্মী সন্মিলনত অগপৰ বকো বিধান পৰিষদৰ সম্পাদক ৰজিত ডোৱে উদ্দেশ্য ব্যাখ্যা কৰে৷ বিশাল কর্মী সন্মিলনত প্রাক্তন মন্ত্রী ডাঃ কমলা কলিতা উপস্থিত থাকি সমাগত অসম বিধানসভা নির্বাচনত ৰাজ্যৰ মিত্রজোঁটৰ চৰকাৰে বকো বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্রার্থী প্রক্ষেপ কৰিব বুলি উল্লেখ কৰে৷ অসম গণ পৰিষদৰ সাংস্কৃতিক বিভাগৰ সভানেত্রী তথা দেশৰ জনপ্রিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী উপস্থিত থাকি কংগ্রেছৰ ‘অসম চাও অভিযানক’ তীব্র কটাক্ষ কৰি কংগ্রেছ দলে নিজকে বচাব পৰা নাই, অসম চাব কেনেকৈ লি প্রশ্ণ কৰে৷ কংগ্রেছৰ এই অসম চাও অভিযানৰ নামত দলক চোৱাৰ চেষ্টা কৰিছে যদিও সেয়া সফল হ’ব নোৱাৰে বুলি কয়৷ সভাত কো সমষ্টিৰ প্রাক্তন বিধায়ক তথা দলৰ কেন্দ্রীয় সমিতিৰ সম্পাদক জ্যোতি প্রসাদ দাস, বকো সমষ্টিৰ অসম গণ পৰিষদৰ তত্ত্বাৱধায়ক তথা দলটোৰ কেন্দ্রীয় সমিতিৰ তথ্য আৰু প্রচাৰ সম্পাদক ড০ তপন দাস, ছয়গাঁও সমষ্টিৰ জিলা পৰিষদৰ সদস্য তথা যুৱনেতা গোলাপ মেধি, নগৰবেৰা জিলা পৰিষদৰ সদস্যা তথা অগপৰ নেত্রী হিমাদ্রি পাঠক, দলৰ কেন্দ্রীয় কার্যনির্বাহক তথা জ্যেষ্ঠ সমাজকর্মী কর্ণভূষণ ৰাভা, সংখ্যালঘু মর্চাৰ সম্পাদক আব্দুৰ ৰহমান, কো সমষ্টিৰ বিধান পৰিষদৰ যুৱ পৰিষদৰ সভাপতি কৃষ্ণকান্ত কলিতা, দলৰ জ্যেষ্ঠ সমাজকর্মী নিৰঞ্জন দাস, উদয় মেধি, অসম গণ পৰিষদৰ ভাতৃ সংগঠন ছাত্র পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক, মহিলা পৰিষদৰ নেত্রীবৃন্দ, দলৰ সংখ্যালঘু পৰিষদ, ভাষিক সংখ্যালঘু পৰিষদৰ বহুসংখ্যক কর্মী উপস্থিত থাকে৷