নিজম পৰিল বকো গ্ৰন্থমেলাৰ বাকৰিঃ স্মৰণিকা উন্মোচন
নিয়মীয়া বাৰ্তা, ৭ মে’ – ” গ্ৰন্থ জীৱনৰ বাবে গ্ৰন্থ পোহৰৰ বাবে ” শীৰ্ষক বাণীৰে কামৰূপ জিলাৰ বকোত আয়োজন কৰা সপ্তদশ বৰ্ষৰ বকো গ্ৰন্থমেলাৰ বাকৰি আজি নিজম পৰিল।চাৰি দিনীয়া বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা সোতৰ সংখ্যক বকো গ্ৰন্থমেলাৰ সামৰণি পৰে। বকো গ্ৰন্থমেলাৰ চতুৰ্থ দিনাৰ কাৰ্য্যসূচী অনুসৰি দিনৰ ভাগত আমিয়েই গঢ়ো দেশৰ ভৱিষ্যত শীৰ্ষক মহিলাৰ মুকলি বক্তৃতা প্ৰতিযোগিতা। ইয়াৰ পিছতে ভিন্ন ৰুচি সম্পন্ন কাৰ্য্যসূচী ৰূপায়ণ হোৱাৰ পিছত আবেলি পৰত মুকলি সভা অনুষ্ঠিত হয়। বকো গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি ড: গণেশ্বৰ চহৰীয়াই সঞ্চালনা কৰা মুকলি সভাত সোতৰ সংখ্যক বকো গ্ৰন্থমেলা পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা স্মৰণিকা আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ৰাধাচৰণ ৰাভাই। অনুস্থানত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰমুখ অধ্যাপক ড: উপেন ৰাভা হাকাছামে। মুকলি সভাত অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ণ প্ৰকল্পৰ সচিব দেৱ কুমাৰ কলিতা ; অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ সঞ্চালক পঙ্কজ চক্ৰৱৰ্তী ; অসম ৰাজ্যিক কৃষি বিপনন পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা ; বকো বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসকে ধৰি বহু কেইজন বিশিষ্ট অতিথি। অনুস্থানত সত্য প্ৰিয়ম নাথে সম্পাদিত কৰা স্মৰণিকা উন্মোচন কৰা কাৰ্য্যসূচীত সহযোগ কৰে বকো সাহিত্য সভাৰ সভানেত্ৰী বিজয়া ডেকা ; প্ৰাক্তন সভাপতি লক্ষ্মীকান্ত শৰ্মা ; সুৰেন চন্দ্ৰ কলিতা ; শিক্ষক অমিয় কুমাৰ ৰয় ; হিৰণ্য কুমাৰ নাথৰ লগতে নয়ন ৰাভা ; ভোগেশ্বৰ ৰাভাই সহযোগ আগবঢ়াই।বকো গ্ৰন্থমেলাৰ ভিন্ন কাৰ্য্যসূচীত উপস্থিত থাকে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈ ; বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথ ; বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড: তপন দত্ত ; বিশিষ্ট শিক্ষাবিদ অভিজ্ঞান অনুৰাগকে ধৰি বহু সংখ্যক বিশিষ্ট অতিথি। আজিৰ সামৰণি অনুষ্ঠানত বিগত চাৰি দিনীয়া ভিন্ন প্ৰতিযোগিতাত বঁটা লাভ কৰা ছাত্ৰ ছাত্ৰীক বঁটা সমূহ বিতৰণ কৰে বুলি জানিব দিয়ে সম্পাদক জনাৰ্দন বড়োই।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।