বকো জৱেপাৰাৰ একাংশ যুৱকৰ মহানুভৱতাঃ বনৰীয়া হাতীৰ বাবে খাদ্য যোগান
নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: সম্প্ৰতি কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱত গঞা ৰাইজ সংকিত হৈ পৰা সময়তে একাংশ সচেতন যুৱকে যোগান ধৰিছে হাতীৰ খাদ্য। বনৰীয়া হাতীৰ বিচৰণ স্থলী সংকুচীত হোৱা আৰু খাদ্যৰ অভাৱ হোৱাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক আহি গাওঁৰ মাজত উপদ্ৰৱ কৰে। এই লৈ সংকিত হৈ পৰিছে গঞা ৰাইজ। এনে ভয় আৰু শংকা লগতে সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পাবলৈ অঞ্চল টোৰ একাংশ সচেতন যুৱকে সিদ্ধান্ত লৈছে হাবিৰ মাজত হাতীৰ খাদ্য যোগান ধৰা কাৰ্য্য। আজি বকো জৱেপাৰা গাওঁৰ পৰা নিজস্ব ধন খৰচ কৰি ট্ৰাকেৰে কলগছ কাটি আনি হাবিৰ মাজত হাতীৰ বিচৰণ স্থলীত যোগান ধৰে। আজি দিনৰ ভাগত জৱেপাৰা আৰু নাগোপাৰা গাওঁৰ সচেতন যুৱক ৰাজীৱ বড়ো ; গকুল ৰাভা ; ৰাজীৱ ৰাভা ; দ্বীপ ৰাভা ; হৰমোহন ৰাভাকে ধৰি বহু কেইজন যুৱকে নিজৰ খৰচত কলগছ আৰু কুঁহিয়াৰকে ধৰি হাতীৰ খাদ্য যোগান ধৰে। ইফালে বনৰীয়া হাতীৰ বাবে খাদ্য যোগান ধৰা কাৰ্য্যক শৰাগ লৈছে অঞ্চলবাসীয়ে। যুৱ চামৰ এই মহানুভৱতাক প্ৰসংসা কৰিব লগা হৈছে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।