চাফাই কৰ্মচাৰী সকলৰ কল্যাণৰ বাবে গঠিত ৰাষ্ট্ৰীয় আয়োগৰ উপ আয়োগৰ বঙাইগাঁও শোধনাগাৰ পৰিদৰ্শন
নিয়মীয়া বাৰ্তা,২৯ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰে দেশৰ চাফাই কৰ্মী সকলৰ কল্যাণৰ উদ্দেশ্যে গঠন কৰা ‘নেচনেল কমিচন ফৰ চাফাই কৰমচাৰীজ’ৰ উপ আয়োগ বাবান ৰাৱাটে আজি বঙাইগাঁও শোধনাগাৰ পৰিদৰ্শন কৰে। শোধনাগাৰ প্ৰকল্পস্থলী পৰিদৰ্শনৰ পূৰ্বে উপ আয়োগ গৰাকীয়ে পুৱাৰ ভাগত ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰিস্থিত হোটেল চিগনেটত চাফাই কৰ্মী সকলৰ দ্বাৰা গঠিত একাধিক সংগঠনৰ নেতৃত্ব তথা সমস্যাৰে জৰ্জৰিত বিভিন্ন ব্যক্তি বিশেষৰ সৈতে আলোচনাত মিলিত হৈ সমস্যা সমূহৰ বুজ লোৱাৰ উপৰিও তেওঁলোকৰ সমস্যাবোৰৰ সমাধানৰ আশ্বাস প্ৰদান কৰে। সংগঠনৰ নেতৃত্ব তথা চাফাই কৰ্মী সকলৰে মতবিনিময়ৰ অন্তত ৰাষ্ট্ৰীয় উপ আয়োগ ৰাৱাটে সংবাদ কৰ্মীৰ সৈতে মতবিনিময় কৰে।
সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত সা-সুবিধা সমূহ ভোগ কৰাৰ সুবিধা লাভ কৰিছে নে নাই সেই বিষয়ে ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰাৰ উদ্দেশ্যে তেওঁ ৪ দিনীয়া ভ্ৰমণ সূচী লৈ অসমলৈ আহিছে। একেটা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি তেওঁ ভাৰতীয় তেল নিগমৰ অধিনস্থ শোধনাগাৰ বিজিআৰ পৰিদৰ্শন কৰি শোধনাগাৰত কৰ্মৰত চাফাই কৰ্মী সকলৰ অৱস্থাৰ বুজ ল’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। ই এছ আই, ভৱিষ্যনিধি, নিযুক্তি, পৰিয়ালৰ বাবে বাস গৃহ, বিশুদ্ধ খোৱা পানী, স্বাস্থ্য, শিক্ষা আদি সকলো দিশতে লাভ কৰা সুবিধা আৰু সন্মুখীন হোৱা অসুবিধা সমূহৰ বুজ লয়। ঠিকাদাৰৰ অধিনত বিজিআৰত কৰ্মৰত নূন্যতম বেতন ভোগী চাফাই কৰ্মী তথা তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলে গুৱাহাটীস্থিত ই এছ আই চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণ কৰাতো অত্যাধিক ব্যয়বহুল হোৱাৰ বাবে ঢালিগাঁও-বঙাইগাঁও অঞ্চলত এখন আদৰ্শ ই এছ আই চিকিৎসালয় স্থাপনৰ দাবী জনোৱাৰ লগতে ভৱিষ্যনিধি ধনৰ খেলিমেলি দূৰ কৰিবলৈ উপ আয়োগৰ জৰিয়তে ৰাষ্ট্ৰীয় আয়োগক আহ্বান জনায়।
নন্দ প্ৰসাদ বাছফোৰ নামৰ এজন চাফাই কৰ্মীয়ে সুদীৰ্ঘ ৩৫ বছৰ বঙাইগাঁও শোধনাগাৰত অস্থায়ী শ্ৰমিক হিচাপে কাম কৰাৰ পাছত স্থায়ী নিযুক্তি নিদি শেহতীয়াকৈ ঠিকাদাৰৰ অধিনত তেওঁক কৰ্ম সংস্থাপন দিয়াৰ বিষয়ে জানিব পাৰি ক্ষোভ প্ৰকাশ কৰে। উপ আয়োগ ৰাৱাটে নিগম- নিকায়,ৰে’ল বিভাগ,ভাৰতীয় তেল নিগমৰ অধিনস্থ শোধনাগাৰৰ লগতে সকলো বিভাগত কৰ্মৰত চাফাই কৰ্মী সকলৰ অভাৱ অভিযোগ সমূহ আয়োগক অৱগত কৰিব বুলি মন্তব্য কৰে। আজিৰ এই মতবিনিময় অনুষ্ঠানত মহাদলিত পৰিসংঘৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা উপ আয়োগ গৰাকীৰ লগতে মহাদলিত পৰিসংঘৰ ৰাষ্ট্ৰীয় সম্পাদক চন্দন বাল্মিকী, অসম ৰাজ্যিক মহাদলিত পৰিসংঘৰ সভাপতি বৈজনাথ বাছফোৰ, বঙাইগাঁও জিলা সমিতিৰ কৈলাশ বাছফোৰ উপস্থিত থাকে।