সাংবাদিকক মাস্ক, ছেনিটাইজাৰ বিতৰণ বঙাইগাঁও শোধনাগাৰৰ
নিয়মীয়া বাৰ্তা,৭ আগষ্টঃ দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ সম্পৰ্কে সচেতনতা আৰম্ভ হোৱাৰে পৰাই বঙাইগাঁও শোধনাগাৰ চমুকৈ বি জি আৰ কৰ্তৃপক্ষই বিশেষ সতৰ্কতা অৱলম্বন কৰি আহিছে। বিশেষকৈ এই মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত শোধনাগাৰ কৰ্তৃপক্ষই বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰে এক পদক্ষেপ হিচাপে আজি কৰ্তৃপক্ষই ভাইৰাছ প্ৰতিৰোধী কিছু সামগ্ৰী কাজলগাঁও প্ৰেছ ক্লাবৰ সাংবাদিক সকলৰ মাজত বিতৰণ কৰে। আজি বিয়লি বি জি আৰৰ জ্যেষ্ঠ মানৱ সম্পদ বিষয়া ( চি চি) নীলাক্ষি কোঁৱৰ আৰু সহকাৰী প্ৰৱন্ধক(ই এম) সাগৰ লেংকাই কাজলগাঁও প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিকসকলক মাস্ক, ছেনিটাইজাৰ , চাবোন আদি প্ৰদান কৰে। তাৰ পূৰ্বে শোধনাগাৰৰ বিষয়াদ্বয়ক কাজলগাঁও প্ৰেছ ক্লাবৰ হৈ সভাপতি বিপুল কুমাৰ দাস আৰু উপ সভাপতি আবুবক্কৰ ছিদ্দিকে ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়। উল্লেখ্য যে বি জি আৰে চিৰাং জিলাৰ অন্তৰ্গত বাসুগাঁও, বিজনীৰ সংবাদকৰ্মী সকলৰ লগতে বঙাইগাঁও জিলাৰ গ্ৰটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ মাজতো এই সামগ্ৰী বিতৰণ কৰে।
শোধনাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ইতিমধ্যে বঙাইগাঁও আৰু চিৰাং জিলাত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ডেৰ সহস্ৰাধিক বিছনা প্ৰদান কৰা হৈছে। তাৰোপৰি দাঁতি-কাষৰীয়া ৰাজহুৱা স্থান, ৰাস্তা-ঘাট, বজাৰ আদি বিভিন্ন স্থানত ছেনিটাইজ কৰিছে। আনহাতে লকডাউনৰ সময়ছোৱাত বঙাইগাঁও আৰু চিৰাং জিলাত বি জি আৰে ভালেমান দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে। এনে দুৰ্দিনৰ সময়ত বি জি আৰে লোৱা এনে জনকল্যানমূলক পদক্ষেপৰ বাবে সচেতন ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।