নগাঁৱত গ্ৰন্থ উন্মোচনী অনুষ্ঠানঃ লোকগীততকৈ বহু আগতেই সাধুকথা লোক-সাহিত্যত বিৰাজমানঃ তিলক চন্দ্র মজুমদাৰ
নিয়মীয়া বাৰ্তা, ১০ ফেব্রুৱাৰী – অসম তথা ভাৰতৰ লোকসাহিত্যলৈ মন কৰিলে দেখা যায় সাধুকথাসমূহ আটাইতকৈ প্ৰাচীন। মানুহে যেতিয়া লিখা-পঢ়া নাজানিছিল তেতিয়াৰ পৰাই সাধু মানুহৰ মুখে মুখে প্ৰচলিত আছিল। মানুহে দেখা কথা বা ঘটনা আনৰ আগত বৰ্ণনা কৰোঁতে শুনোতাজনেও ৰস পাইছিল। ইও এক সাধুকথাই । এই সাধুকথা অসমীয়া লোক-সাহিত্যত প্ৰাচীন। এই মন্তব্য বিশিষ্ট শংকৰীপণ্ডিত, গৱেষক তিলক চন্দ্র মজুমদাৰৰ। আজি ৰূপান্তৰৰ উদ্যোগত নগাঁৱত আয়োজিত সাধুকথা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট গৱেষক পণ্ডিতগৰাকীয়ে আৰু কয় যে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া লিখিত সাহিত্যত সাধুকথা প্ৰচাৰ আৰু প্ৰসাৰ যিদৰে কৰিলে সেয়া আজিও সকলোৰে আদৰৰ।সাম্প্রতিক সময়ত এই ‘সাধুকথা’ শীৰ্ষক গ্ৰন্থখনি সম্পাদনা কৰা কামটো অসমীয়া সাহিত্যৰ বাবে এক মহৎ কাম ।
যুৱ লেখক গৌৰাংগ বৰা আৰু গল্পকাৰ পূৰৱী চক্রৱৰ্তী সূতৰ সম্পাদনাৰে প্ৰকাশ পোৱা সাধুকথা শীৰ্ষক গ্ৰন্থখনি তিলক চন্দ্র মজুমদাৰ বাসগৃহত অনুষ্ঠিত হয় উন্মোচনী অনুষ্ঠানটি । বিশিষ্ট সাংবাদিক কনক হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিঙে বক্তব্য আগবঢ়াই কয় – অসমীয়া সাহিত্যত এই গ্ৰন্থখনি সকলোৰে আদৰি লওক সেয়া কামনা কৰোঁ। নতুন প্ৰজন্মৰ বাবে সাধুকথা ধৰা ৰখাৰ প্ৰয়াস সঁচাকৈ প্ৰশংসনীয়।
আনহাতে গ্ৰন্থখনিৰ সম্পাদক গৌৰাংগ বৰাই মনৰ অনুভৱ ব্যক্ত কৰি কয়- অসমীয়া সাহিত্যত সাধুকথাৰ যি মাদকতা সেয়া আজি যেন যতি পৰিছে। সেয়েহে আমি সাম্প্রতিক শতিকলৈকে শিশু সাহিত্যৰ বাবে কাম কৰি অহা ঊনৈশগৰাকী লেখক-লেখিকাৰ ৰচনাৰে সমৃদ্ধ কৰা হৈছে গ্ৰন্থখনি। সাম্প্রতিক সময়ৰ সাধুকথা সম্পর্কে গৱেষণা কৰি থকা গৱেষকসকলেও এইক্ষেত্রত উপকৃত হ’ব বুলি আমাৰ ধাৰণা হয় ‘ ।
সাধুকথাৰ আন এগৰাকী সম্পাদক পূৰৱী চক্রৱতী সূতে কয় যে গ্ৰন্থ ৰচনা হৈছে যদিও এদল নতুন পাঠক সৃষ্টি এতিয়াও হোৱা নাই। আশা কৰো গ্ৰন্থ প্ৰকাশ যিদৰে হৈছে অনাগত দিনত পাঠকৰো সৃষ্টি হওক। সমাজ সাহিত্য সাংস্কৃতিক অনুষ্ঠান ৰূপান্তৰৰ পৰিকল্পনাৰে প্ৰকাশ পোৱা গ্ৰন্থখনি প্ৰকাশ কৰিছে মন্টু বুক ষ্টলে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে কলংপাৰ কাকতৰ সম্পাদক ভৱেন বৰা, অধিবক্তা বিভা ফুকন, উপমা মজুমদাৰ, লীনা সন্দিকৈ, দীপিকা নাথ, ৰনজু লাহন বৰাৰ লগতে বহুকেইগৰাকী নগঞা বিশিষ্ট ব্যক্তি।
প্ৰেৰক কনক হাজৰিকা