বিলাসীপাৰাত মৌজাল উন্মোচন
সাহিত্যৰ ক্ষেত্ৰখনত পশ্চিম অসমৰক প্ৰতিনিধিত্ব কৰিছে গীতালী বৰুৱাই:ডo উপেন্দ্ৰজিৎ শৰ্মা ৷
নিয়মীয়া বাৰ্তা, ১০ডিচেম্বৰ: অবিৰতভাৱে সাহিত্য চৰ্চা কৰি অহা লোকৰ সংখ্যা খুব কম ৷ পশ্চিম অসমৰ গীতালী বৰুৱা সুদীৰ্ঘ কাল ধৰি নিৰৱচ্ছিন্নভাৱে সাহিত্য চৰ্চা কৰি আহিছে ৷ তেওৰ প্ৰতিখন গ্ৰন্থতে আছে সুকীয়া বৈশিষ্ঠ ৷ এই মন্তব্য অসম সাহিত্য সভাৰ পত্ৰিকা সম্ৰাপদ, ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড‘ উপেন্দ্ৰজিৎ শৰ্মাৰ ৷ আজি বিশিষ্ট গল্পকাৰ,কবি,ঔপন্যাসিক গীতালী বৰুৱাৰ নৱতম গ্ৰন্থ ‘মৌজাল’ উন্মোচন কৰি তেও লগতে কয় যে সাহিত্যৰ ক্ষেত্ৰখনত কবি,গল্পকাৰ,ঔপন্যাসিক গীতালী বৰুৱাই পশ্চিম অসমক প্ৰ্ৰতিনিধিত্ব কৰিছে ৷ পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা গীতালী বৰুৱাৰ উপন্যাস মৌজালখনেও নিশ্চয় পাঠক সমাজৰ সমাদৰ লাভ কৰিব ৷ সভাত পূৰ্বায়ন প্ৰকাশনৰ অমৃত কুমাৰ উপধ্যায়, ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদ, প্ৰাক্তন সম্পাদক প্ৰহাস শৰ্মা, সুচিকিৎসক অখিল কুমাৰ বৰুৱা, ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণ চন্দ্ৰ নাথ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে ৷ সভাত মৌজাল উন্মোচন কৰি ড‘ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে গীতালী বৰুৱাই ইমান দিনে যি অৱদান আগবঢ়াই আহিছে তাৰ প্ৰতিদান পশ্চিম অসমবাসী বা অসমে এতিয়াও দিয়া নাই বুলি ভাৱো ৷ শেহতীয়া উপন্যাসখনে পাঠকক নতুন সোৱাদ দিব বুলিও কয় তেও ৷ অনুষ্ঠানত কবিতা পাঠ কৰে কবি দীপজ্যোতি চহৰীয়া, জিতুমনি বৰা,মৰ্জিনা বেগম আদিয়ে ৷ অনুষ্ঠানত কেইবাগৰাকী শিল্পীয়ে গোৱালপাৰীয়া আৰু আধুনিক গীত পৰিৱেশন কৰে ৷
প্ৰেৰক:-সমৰেশ শীল শৰ্মা, নিয়মীয়া বাৰ্তা।